বাক্সা, 12 জুলাই :কৰ'ণাৰ সমান্তৰালভাবে ৰাজ্যত অব্যাহত আছে বানৰ তাণ্ডব ৷ ৰাজ্যখনৰ বহু কেইখন জিলা বৰ্তমান পানীৰ কবলত পৰাৰ লগতে বানপানীত আক্ৰান্ত হৈছে বহুলাখ লোক ৷ একেদৰে বাক্সা জিলাৰ তামুলপুৰতো বৰনদীৰ পানীয়ে তাণ্ডব চলাইছে অঞ্চলবাসীৰ মাজত ৷ তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ ২ নং দোঙাৰ গাঁৱত বৰনদীৰ বাঢ়নী পানীত আৱদ্ধ হৈ পৰিছিল ৭ টাকৈ পৰিয়াল ৷
জানিব পৰা মতে, বিগত তিনিদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণ তথা ভূটান পাহাৰত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত কালি নিশা হঠাৎ গাঁওখনৰ মাজেৰে বৰনদীৰ পানীৰ ঢল বৈ যোৱাত পানীৰ মাজতে আৱদ্ধ হৈ পৰে পৰিয়ালকেইটা ৷ দেওবাৰে পুৱা 9 মান বজাত উদ্ধাৰ কৰা হয় পৰিয়াল কেইটাৰ শিশু-মহিলাসহ 30 জনকৈ লোকক ৷