অসম

assam

ETV Bharat / state

পুঠিমাৰী নৈৰ বাঢ়নী পানী আৰু গৰাখহনীয়াই ভেটি মাটি উচন বহুকেইটা পৰিয়ালৰ

তামুলপুৰ মহকুমাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ ২নং বেটাগাঁওত পুঠিমাৰী নৈৰ বাঢ়নী পানী আৰু গৰাখহনীয়াই নিদ্ৰা হৰণ কৰিছে গাঁওবাসীৰ । বহাগমাহৰ প্ৰথম বৰষুণতে গাওঁখনৰ চাৰিটা কৈ পৰিয়ালৰ ঘৰ মাটি নৈত জাহ যোৱাৰ পিচত এতিয়া আহাৰ মাহৰ নেৰা নেপেৰা বৰষুণে আনিছে বহুকেইটা পৰিয়াললৈ অমানিশা

পুঠিমাৰী নৈৰ বাঢ়নী পানী আৰু গড়াখহনীয়া ই ভেটি মাটি উচন বহুকেইটা পৰিয়ালৰ

By

Published : Jul 12, 2019, 4:33 AM IST

নলবাৰী 12 জুলাইঃ তামুলপুৰ মহকুমাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ ২নং বেটাগাঁওত পুঠিমাৰী নৈৰ বাঢ়নী পানী আৰু গড়াখহনীয়াই নিদ্ৰা হৰণ কৰিছে গাঁওবাসীৰ । বহাগমাহৰ প্ৰথম বৰষুণতে গাওঁখনৰ চাৰিটা কৈ পৰিয়ালৰ ঘৰ মাটি নৈত জাহ যোৱাৰ পিচত এতিয়া আহাৰ মাহৰ নেৰা নেপেৰা বৰষুণে আনিছে বহুকেইটা পৰিয়াললৈ অমানিশা । নৈৰ পানী বাঢ়ি অহাৰ সমান্তৰাল কৈ গৰাখহনীয়াই তাণ্ডৱ ৰূপ লৈছে । চপৰা চপৰিকৈ খহিছে নৈ খনৰ গৰা । প্ৰতিটো বানতে ভেটি মাটি হেৰুৱাইছে গঞাই । যোৱাকালিৰ পৰা হৈ থকা খহনীয়া ৰ ফলত বহু মাটি নৈৰ বুকুত জাহ গৈছে । নৈপৰীয়া চাৰি ঘৰ লোক ক্ৰমে মিঠুন শিল,নিৰঞ্জন শিল,চিতল শিল আৰু উজ্বল শিলৰ তামোল পানৰ বস্তি ৰ লগতে গছ গছনি ইতিমধ্য বহুতো নৈৰ খহনীয়া ত জাহ গৈছে৷ তেঁওলোকে ঘৰ সা সম্পত্তি নৈত জাহ যোৱাৰ ভয়ত নিজে ঘৰ দুৱাৰ ভাঙি অন্য ঠাইলৈ ঢাপলি মেলিছে । স্থানীয় ৰাইজে মূল্যৱান গছ গছনি অতি কম মূল্যতে বিক্ৰী কৰিছে ।

পুঠিমাৰী নৈৰ বাঢ়নী পানী আৰু গড়াখহনীয়া ই ভেটি মাটি উচন বহুকেইটা পৰিয়ালৰ
জলসম্পদ বিভাগৰ হেমাহিতে গাঁও খনত নৈ খনে এনেদৰে প্ৰতিটো বানতে তাণ্ডৱ চলাই বুলি ৰাইজে অভিযোগ কৰিছে৷

ABOUT THE AUTHOR

...view details