অসম

assam

ETV Bharat / state

Fish Food Distribution in Mushalpur : মুছলপুৰত মীন পালকৰ মাজত মাছৰ খাদ্য সামগ্ৰী বিতৰণ - fish food distributed

মীন পালকসকললৈ সহায়ৰ হাত আগবঢ়াই মাছৰ উৎপাদন বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰিছে বিটিআৰ চৰকাৰৰ মীন বিভাগে । মঙলবাৰে বাক্সা জিলাৰ ৮১ গৰাকী মীন পালকক বিনামূলীয়াকৈ মাছৰ খাদ্য সামগ্ৰী প্ৰদান কৰা হয় (Fish food distributed among Mushalpur farmers) ৷ ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ অধীনত এই সামগ্ৰীসমূহ বিতৰণ কৰা হয় ।

Fish food distributed in Mushalpur
মুছলপুৰত মীন পালকৰ মাজত মাছৰ খাদ্য সামগ্ৰী বিতৰণ

By

Published : Nov 30, 2021, 8:47 PM IST

বাক্সা, ৩০ নৱেম্বৰ: সমগ্ৰ ৰাজ্যৰ লগতে বিটিআৰতো বৰ্তমান বিভিন্ন শস্য, মাছৰ উৎপাদন আৰু পশুপালনৰ বাবে কৃষককসকলক বিভিন্ন ধৰণে চৰকাৰে সহায় আগবঢ়াইছে । প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰা হৈছে কৃষকসকলক । মঙলবাৰে বিটিআৰৰ মীন বিভাগৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ অধীনত বাক্সা জিলাৰ মুছলপুৰত আনুষ্ঠানিকভাৱে মীনপালকসকলৰ মাজত বিনামূলীয়াকৈ মাছৰ খাদ্য সামগ্ৰী বিতৰণ কৰা হয়(Fish food distribution Mushalpur) ৷ এই উপলক্ষে বাক্সা জিলা মীন বিভাগৰ কাৰ্যালয়ত এখন সভাৰ আয়োজন কৰা হয় ৷

এই সভাতে ৮১ গৰাকী মীন পালকৰ মাজত বিনামূলীয়াকৈ মাছৰ খাদ্য সামগ্ৰী বিতৰণ কৰা হয় ৷ সভাত অংশগ্ৰহণ কৰি বিটিআৰৰ মীন আৰু পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই কয় যে, নিবনুৱা যুৱকসকলে মৎস পালনৰ জৰিয়তে যাতে স্বাৱলম্বী হ'ব পাৰে আৰু বৰ্তমান এই কামৰ সৈতে জড়িত হৈ থকা মীনপালক সকলে যাতে সকাহ পায়, তাৰ বাবে মীন বিভাগৰ উদ্যোগত বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী হাতত লোৱা হৈছে(Fish farming in Baksa) ৷ বিটিআৰ অঞ্চলৰ নিবনুৱা যুৱক-যুৱতী সকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ উদ্দেশ্যেৰে বিটিআৰ চৰকাৰে পশুপালন তথা মৎস পালনৰ জৰিয়তে ঘৰুৱা উৎপাদন বৃদ্ধি কৰি কিদৰে আৰ্থিকভাৱে লাভৱান হ'ব পাৰি তাৰ প্ৰতি গুৰুত্ব দিবলৈ হিতাধিকাৰীসকলক তেওঁ আহ্বান জনায় ৷

মুছলপুৰত মীন পালকৰ মাজত মাছৰ খাদ্য সামগ্ৰী বিতৰণ

ভাষণ প্ৰসংগত ৰাকেশ ব্ৰহ্মই কয় যে, পূৰ্বৰ বিপিএফ চৰকাৰৰ দিনত বিটিচিৰ কেবাটাও বিভাগত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছিল যদিও বৰ্তমান মীন বিভাগত কোনো দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ অহা নাই ৷

কাৰ্যবাহী সদস্যগৰাকীয়ে লগতে বিটিআৰৰ মীন বিভাগে বাক্সা জিলাৰ কোকিলাবাৰীত দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ আৰু ওডালগুৰি জিলাৰ বৰজামুগুৰিত প্ৰায় আশী বিঘা ভূমিত মাছ পালনৰ উদ্দেশ্যে বিভাগীয়ভাৱে বৃহৎ পুখুৰী খান্দি থকাৰ কথাও জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, আজিৰ কাৰ্যসূচীত মুছলপুৰ পৰিষদীয় সমষ্টিৰ টিচিএলচিচিৰ অধ্যক্ষ মনেশ্বৰ বসুমতাৰী, বাক্সা জিলা মীন উন্নয়ন বিষয়া নীলো দাস, মীন উন্নয়ন বিষয়া অভিজিৎ চৌধুৰী উপস্থিত থাকে । লগতে বিভাগটোৰ কেইবাজনো বিষয়া-কৰ্মচাৰী উপস্থিত থাকে এই অনুষ্ঠানটিত ৷

লগতে পঢ়ক:Pabha Reserve Forest: পাভ সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান

ABOUT THE AUTHOR

...view details