অসম

assam

ETV Bharat / state

পোন প্ৰথম বাৰৰ বাবে দেশবাসীক সম্বোধন ভূটানৰ ৰজাৰ - জিগমে খেচাৰ নামগেল ৱাংচুক

ভূটানৰ পঞ্চম ৰজা জিগমে খেচাৰ নামগেল ৱাংচুকৰ ৰাষ্ট্ৰক উদ্দেশ্যি সম্বোধন ৷ ক’ৰণা যুদ্ধা সকলক শুভেচ্ছা তথা ধন্যবাদ জ্ঞাপন কৰিবলৈ সংবাদ মাধ্যম সম্বোধন ৷

first time  Bhutan king ADDRESS media
পোন প্ৰথম বাৰৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে দেশবাসীক সম্বোধন ভূটানৰ ৰজাৰ

By

Published : Sep 12, 2020, 9:55 PM IST

Updated : Sep 12, 2020, 10:05 PM IST

বাক্সা,12 ছেপ্তেম্বৰঃ অসমৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ ৭.৫৪ লাখ জনসংখ্যা থকা দেশখনে বিশ্ব ত্ৰাস ক’ৰণা মহামাৰীৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। দেশখনৰ আৰক্ষী,স্বাস্থ্যকৰ্মী,চিকিৎসক,সেনাবাহিনী,গৃহৰক্ষীক আৰু আন আন চৰকাৰী কৰ্মচাৰী সকলৰ তৎপৰতা আৰু প্ৰেচেষ্টাৰ বাবে দেশখনে ক’ভিড-19ৰ সৈতে যুদ্ধ কৰিৱলৈ সক্ষম হৈছে ৷

পোন প্ৰথম বাৰৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে দেশবাসীক সম্বোধন ভূটানৰ ৰজাৰ

শনিবাৰে প্ৰথম বাৰৰ বাবে বিয়লি দেশখনৰ ৪০ বছৰীয়া পঞ্চম ৰজা জিগমে খেচাৰ নামগেল ৱাংচুকে ক’ৰণা মহামহামীৰ সময়চোৱাত প্ৰথম শাৰীৰ যুদ্ধত অৱতীৰ্ণ হোৱা আৰক্ষী,সেনাবাহিনীৰ লোক,গৃহৰক্ষী বাহিনী,চিকিৎসাকৰ্মী,চৰকাৰী কৰ্মচাৰী সকলে সফলতাৰে সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। লগতে অনাগত দিনতো ৰাষ্ট্ৰখনৰ আগুৱাই লৈ যোৱাৰ বাবে সহায় কৰিবলৈ আহ্বান জনোৱাৰ উদ্দেশ্যে ৪০ বছৰীয়া ৰজা গৰাকীয়ে প্ৰথম বাৰৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰা পৰিলক্ষিত হ’ল ৷

উল্লেখ্যযোগ্য যে, দেশৰ কোনো এগৰাকী ৰজাই বৰ্তমানলৈকে সংবাদ মাধ্যমৰ কাষ চপা নাছিল । ১৯৮০ চনৰ ২১ অক্টোবৰত জন্ম গ্ৰহণ কৰা দেশৰ পঞ্চম গৰাকী ৰজা বৃটইনত শিক্ষা গ্ৰহণ কৰি ৯ ডিচেম্বৰ ২০০৬ চনত ৰাষ্ট্ৰ দায়িত্ব গ্ৰহণ কৰিছিল।

লগতে পঢ়কঃ 2021ৰ নিৰ্বাচনত 200% বিজয়ী হ’ব বিজেপিঃ মন্ত্ৰী পীয়ুষ হাজৰিকা

Last Updated : Sep 12, 2020, 10:05 PM IST

ABOUT THE AUTHOR

...view details