অসম

assam

By

Published : Jan 2, 2020, 4:31 AM IST

ETV Bharat / state

বাক্সাত এবছুৰ কাৰ্যালয়ত অচিনাক্ত দুৰ্বৃত্তৰ অগ্নিসংযোগ

ৰূপহীত অচিনাক্ত দুৰ্বৃত্তই মঙলবাৰে জ্বলাই দিয়ে ৰূপহী আঞ্চলিক এবছুৰ কাৰ্যালয়টো ৷ নিশা প্ৰায় 10.30 বজাত দুৰ্বৃত্তৰ এটা দলে সংঘটিত কৰে উক্ত ঘটনা ৷ জুইত কাৰ্যালয়টোৰ ৰান্ধনিগৃহটো জাহ যোৱাৰ উপৰিও বিভিন্ন আচবাব আৰু নথি-পত্ৰও জাহ যায় ৷

বাক্সা
এবছুৰ কাৰ্যালয়ত অগ্নিসংযোগ

শালবাৰী,1 জানুৱাৰীঃ বাক্সা জিলাৰ শালবাৰীৰ ৰূপহীত অচিনাক্ত দুৰ্বৃত্তই মঙলবাৰে জ্বলাই দিয়ে ৰূপহী আঞ্চলিক এবছুৰ কাৰ্যালয়টো ৷ নিশা প্ৰায় 10.30 বজাত দুৰ্বৃত্তৰ এটা দলে সংঘটিত কৰে উক্ত ঘটনা ৷ কাৰ্যালয়টোৰ উপৰিও সংগঠনটোৰ এগৰাকী সদস্যৰ বাইক আৰু চাইকেল এখনো জ্বলাই দিয়ে দুৰ্বৃত্তই ৷ লগতে আন আন বাহনসমূহৰো ক্ষতিসাধন কৰে ৷ জুইত কাৰ্যালয়টোৰ ৰান্ধনিগৃহটো জাহ যোৱাৰ উপৰিও বিভিন্ন আচবাব আৰু নথি-পত্ৰও জাহ যায় ৷ উল্লেখ্য যে,ঘটনাৰ সময়ত কাৰ্যালয়টোৰ ভিতৰত কেইজনমান এবছু সদস্য উপস্থিত আছিল যদিও দুৰ্বৃত্তৰ দলটোৱে আক্ৰমণৰ ভাবুকি দিয়ে সদস্যকেইজনক ৷

ঘটনাটোত বি পি এফ ৰ যুৱ কৰ্মীসকল জড়িত থকাৰ সন্দেহ

ততালিকে ঘটনাস্থলীত আৰক্ষী আৰু স্থানীয় লোক উপস্থিত হৈ জুই নিৰ্বাপণ কৰে ৷ ঘটনাটোত বি পি এফ ৰ যুৱ কৰ্মীসকল জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৰূপহী আঞ্চলিক এবছুৱে ৷ ইতিমধ্যে ঘটনাটোক লৈ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ আনহাতে,বুধবাৰে পুৱাৰ ভাগত একাংশ উত্তেজিত ৰাইজে ৰূপহীস্থিত বি পি এফ ৰ কাৰ্যালয়টো লণ্ডভণ্ড কৰাৰ উপৰিও এখন বাইক ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰে । সম্প্ৰতি সমগ্ৰ এলেকাটোত উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে ৷

লগতে চাওকঃনতুন বছৰটোৰ প্ৰথমটো দিনতে বৃদ্ধি ৰে’ল ভাড়া

ABOUT THE AUTHOR

...view details