অসম

assam

ETV Bharat / state

Suman Swargiary : সামৰিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন শ্বহীদগৰাকীৰ - মণিপুৰত উগ্ৰপন্থী আক্ৰমণ

সামৰিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন মণিপুৰৰ উগ্ৰপন্থীৰ হাতত নিহত আছাম ৰাইফলছ(Assam Rifles)ৰ শ্বহীদ জোৱান সুমন স্বৰ্গীয়াৰী(Suman Swargiary)ৰ ৷ বাক্সা জিলাৰ নিজ গাঁও থেকেৰাকুছিত শেষ বিদায় জনোৱা হয় শ্বহীদগৰাকীক ৷

final tributes to late jawan suman swargiary
সামৰিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ

By

Published : Nov 15, 2021, 12:16 PM IST

নিউজ ডেস্ক, 15 নৱেম্বৰ : সামৰিক মৰ্যদাৰে বাক্সা জিলাৰ নিজ গাঁও থেকেৰাকুছিত শেষকৃত্য সম্পন্ন কৰা হ’ল শ্বহীদ জোৱান সুমন স্বৰ্গীয়াৰী(Suman Swargiary)ৰ ৷ শ্বহীদগৰাকীৰ নশ্বৰ দেহ নিজ বাসগৃহত লৈ যোৱাৰ পাচতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে অঞ্চলটোত ৷ হাজাৰ হাজাৰ জনতাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শ্বহীদ জোৱান গৰাকীলৈ ৷

সামৰিক অভিবাদন জনোৱাৰ পাচতে শ্বহীদগৰাকীক দিয়া হয় শেষ বিদায় ৷ শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত(Keshab Mahanta) ৷ 2011 চনত আছাম ৰাইফলছ(Assam Rifles)ত যোগদান কৰি বিগত দহটা বছৰে দেশৰক্ষাৰ কামত নিয়োজিত হৈ আছিল এইগৰাকী জোৱান ৷

13 নৱেম্বৰ অৰ্থাৎ শনিবাৰে পুৱা 10 বজাত মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ শ্বেখান-বেহিয়াং আৰক্ষী থানাৰ সমীপত উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল । এই আক্ৰমণত নিহত হৈছিল প্ৰায় 7 গৰাকীকৈ লোক ৷ ইয়াৰে ভিতৰত আছিল অসমৰ বীৰ জোৱান সুমন স্বৰ্গীয়াৰী ৷

শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ নশ্বৰ দেহ দেওবাৰে মাতৃভূমিত আহি পোৱাৰ কথা আছিল যদিও বিমানৰ যান্ত্ৰিক বিজুতিৰ বাবে সোমবাৰে পুৱাৰ ভাগতহে তেওঁৰ মৃতদেহ নিজ বাসগৃহলৈ লৈ যোৱা হয় ৷ মৃত্যুৰ সময়ত বৃদ্ধা মাতৃ, পত্নী আৰু এটি দুবছৰীয়া ল’ৰা সন্তানক এৰি থৈ যায় বীৰ শ্বহীদগৰাকীয়ে ৷

লগতে পঢ়ক :Ambush In Manipur : সুমন স্বৰ্গীয়াৰীৰ মৃত্যুৰ খবৰত শোকস্তব্ধ বাক্সা

ABOUT THE AUTHOR

...view details