বৰমা, ২৪ আগষ্টঃ বাক্সা জিলা বড়ো সাহিত্য সভাই 2019-20 শিক্ষাবৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বাক্সা জিলাৰ পৰা বড়ো মাধ্যমত কৃতকাৰ্য্যতা অৰ্জন কৰা তেৰ গৰাকী ছাত্ৰ ছাত্ৰীক মানপত্ৰ, আৰনাই আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনায় ।
মুছলপুৰত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা - Baksha
বাক্সা জিলা বড়ো সাহিত্য সভাই 2019-20 শিক্ষাবৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বাক্সা জিলাৰ পৰা বড়ো মাধ্যমত কৃতকাৰ্যতা অৰ্জন কৰা তেৰ গৰাকী ছাত্ৰ-ছাত্ৰীক মানপত্ৰ, আৰনাই আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনায় ।

মুছলপুৰত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা
মুছলপুৰত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা
বাক্সা জিলা বড়ো সাহিত্য সভাৰ সভাপতি শৰৎ চন্দ্ৰ ৰামছিয়াৰীৰ সভাপতিত্বত বাক্সা জিলাৰ মুছলপুৰৰ চানৰাইজ একাডেমিত অনুষ্ঠিত হোৱা সভাত বিশিষ্ট শিক্ষাবিদ তথা অসম বিজ্ঞান সমিতিৰ প্ৰাক্তন উপ-সভাপতি সুৰেন্দ্ৰনাথ লাওজাৰী, প্ৰাক্তন বাক্সা জিলা বড়ো সাহিত্য সভাৰ সভাপতি অতুল স্বৰ্গীয়াৰী, মুছলপুৰৰ বিশিষ্ট ব্যৱসায়ী কাৰ্তীক চাহাকে ধৰি বিশিষ্ট গণ্যমান্য লোক উপস্থিত থাকে ৷
লগতে পঢ়ক: কংগ্ৰেছৰ দলত নেতৃত্বৰ সংকটৰ ইতিহাস..