অসম

assam

পি এম কিষাণ গ্ৰাহকক সজাগতাৰ বাবে গোৰেশ্বৰ এচ বি আই শাখাৰ বিশেষ পদক্ষেপ

By

Published : Feb 29, 2020, 9:58 PM IST

কৃষি ঋণৰ লগতে অন্যান্য কৃষক ৰাইজৰ সুবিধাৰ বাবে বাক্সাত ভাৰতীয় ষ্টেট বেংক গোৰেশ্বৰ শাখাই বিভিন্ন ঠাইত সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনায় ৷

ETV BHARAT
পি এম কিষান গ্ৰাহকক সজাগতাৰ বাবে গোৰেশ্বৰ এচ বি আই শাখাৰ বিশেষ পদক্ষেপ

বাক্সা,29 ফেব্ৰুৱাৰীঃ গোৰেশ্বৰ এচ বি আই শাখা কাৰ্যালয়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পি এম কিষাণ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ ৷ এই অনুষ্ঠান চাবলৈ শতাধিক ৰাইজ উপস্থিত হয় ভাৰতীয় ষ্টেট বেংকৰ এই শাখা কাৰ্যালয়টোত ৷

পি এম কিষান গ্ৰাহকক সজাগতাৰ বাবে গোৰেশ্বৰ এচ বি আই শাখাৰ বিশেষ পদক্ষেপ

গোৰেশ্বৰ এচ বি আই শাখাত গ্ৰাহক নহয় দৰ্শকৰ ৰূপত আহিল বহু লোক । কাৰণ দিনৰ ভাগত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পি এম কিষাণ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ চলি আছিল বিভিন্ন বৈদ্যুতিক সংবাদ মাধ্যম সমূহত ৷ উপস্থিত গ্ৰাহক সকলৰ লগতে সাধাৰণ জনতাইও উপভোগ কৰিলে এই অনুষ্ঠান । উল্লেখ্য যে, পি এম কিষাণৰ গ্ৰাহকক সজাগতা অনাৰ বাবে এই সুবিধা প্ৰদান কৰিছে গোৰেশ্বৰ এচ বি আই শাখাই । এই অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটীৰ এচ বি আইৰ মূখ্য প্ৰৱন্ধক নন্দু ৰাম শৰ্মা । চলিত বৰ্ষৰ ২৪ ফেব্ৰুৱাৰীৰ পৰাই আৰম্ভ হৈছে এই জন জাগৰণ সভা । গাঁৱে-ভূঞে গ্ৰাহকক সজাগতা অনাৰ বাবে আৰম্ভ কৰিছে এই সভা। আনহাতে এই আচঁনিৰ জৰিয়তে গাঁৱৰ দৰিদ্ৰ কৃষক সকল লাভান্বিত হ'ব বুলি জানিবলৈ দিয়াৰ উপৰিও উক্ত সা-সুবিধাৰ বাবে শাখা কাৰ্যালয়ৰ লগতে গ্ৰাহক সেৱা কেন্দ্ৰত যোগায়োগ কৰিবলৈ আহ্বান জনায় মুখ্য প্ৰবন্ধক নন্দু ৰাম শৰ্মাই ।

লগতে চাওকঃ

লতা মংগেশকাৰৰ পৰা আৰ্শীবাদ গ্ৰহণ কৰি উৎফুল্লিত আয়ুষ্মান খুৰাণা

ABOUT THE AUTHOR

...view details