অসম

assam

ETV Bharat / state

বাক্সাৰ দৰিদ্ৰ কৃষকৰ জীয়ৰী উত্তীৰ্ণ IITৰ প্ৰৱেশ পৰীক্ষাত - qualified

ছাত্ৰীগৰাকীয়ে JEE Advance IIT প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ সমগ্ৰ বাক্সা জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে

বাক্সাৰ দৰিদ্ৰ কৃষকৰ জীয়ৰী উত্তীৰ্ণ IITৰ প্ৰৱেশ পৰীক্ষাত

By

Published : Jun 16, 2019, 5:05 PM IST

বাক্সা,16 জুনঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তবৰ্তী চেচাপানী গাঁৱৰ বাসিন্দা চানী বাহাদুৰ ৰাউত আৰু ইন্দিৰা ৰাউতৰ একমাত্ৰ জীয়ৰী গায়ত্ৰী দেৱীয়ে JEE Advance IIT ৰ প্ৰৱেশ পৰীক্ষা উত্তীৰ্ণ হোৱাত সমগ্ৰ বিটিএডিৰ ভিতৰতেই প্ৰথম গৰাকীৰ ছাত্ৰীৰ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । ছাত্ৰীগৰাকীয়ে JEE Advance IIT প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ সমগ্ৰ বাক্সা জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ বাক্সাৰ জিলাৰ নৱোদয় বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰী গৰাকীয়ে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ৮৯% শতাংশৰে লক্ষ্ণৌ দক্ষিণা সংস্থাৰ জৰিয়তে JEE Advance IIT ৰ প্ৰৱেশ পৰীক্ষা অৱতীৰ্ণ হৈছিল ৷ গায়ত্ৰীয়ে জানিবলৈ দিয়া মতে , প্ৰতিদিনে 6 ঘণ্টাকৈ পঢ়া-শুনা কৰাৰ লগতে এই সফলতাৰ বাবে পিতৃ-মাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰেৰণা কথা উল্লেখ কৰে ৷

বাক্সাৰ দৰিদ্ৰ কৃষকৰ জীয়ৰী উত্তীৰ্ণ IITৰ প্ৰৱেশ পৰীক্ষাত

ABOUT THE AUTHOR

...view details