অসম

assam

ETV Bharat / state

অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গোপাল ৰাজবংশীৰ বিদায় সম্বৰ্ধনা - Barkhopa HS School Principal

সম্বৰ্ধনা সভাত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গোপাল ৰাজবংশীয়ে বৰ্ণনা কৰিলে সুদীৰ্ঘ দিনৰ শিক্ষকতা জীৱনৰ ঘাট-প্ৰতিঘাট আৰু বহু অভিজ্ঞতাৰ ৷

farewell-ceremony-of-tamulpur-barkhopa-hs-school-principal
অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গোপাল ৰাজবংশীৰ বিদায় সম্বৰ্ধনা

By

Published : Nov 12, 2020, 8:28 PM IST

তামুলপুৰ, ১২ নৱেম্বৰঃ তামুলপুৰ মহকুমা সদৰস্থ বৰখোপা হাইস্কুলৰ পৰা সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গোপাল ৰাজবংশীক বৃহস্পতিবাৰে বৰখোপা হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ একতা সভাৰ তৰফৰ পৰা আনুষ্ঠানিক ভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয় ৷ তদুপলক্ষে দিনৰ এঘাৰ বজাত বৰখোপা হাইস্কুলৰ পৰিচালনা সমিতিৰ সভাপতি মোহন চন্দ্ৰ ডেকাৰ সভাপতিত্বত এখন বিদায় সভা অনুষ্ঠিত হয় ৷

বৰখোপা হাইস্কুলৰ প্ৰধান শিক্ষক যোগেন ৰাজবংশীয়ে আঁত ধৰা সভাখনত শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী, বিদ্যালয় পৰিচালনা সমিতি, ছাত্ৰ একতা সভাৰ তৰফৰ পৰা ফুলাম জাপি, গ্ৰন্থৰ টোপোলা, শৰাই, স্মাৰক আদিৰে আনুষ্ঠানিকভাৱে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গোপাল ৰাজবংশীক বিদায়ী সম্বৰ্ধনা জনোৱা হয় ৷ সম্বৰ্ধনা সভাত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গোপাল ৰাজবংশীয়ে সুদীৰ্ঘ দিনৰ শিক্ষকতা জীৱনৰ ঘাট-প্ৰতিঘাট আৰু অভিজ্ঞতাৰ বিষয়ে কয় ৷ সভাত ৰামেচুবুৰী ,কচুকাটা আৰু ঝাৰগাঁও হাইস্কুলৰ প্ৰধান শিক্ষক ক্ৰমে উমেশ দাস, অতুল নাৰ্জাৰীয়ে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গোপাল ৰাজবংশীৰ কৰ্মময় জীৱনৰ ওপৰত আলোকপাত কৰে ৷ সভাত শিক্ষানুষ্ঠানখনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলো উপস্থিত থাকে ৷

উল্লেখ্য যে, গোপাল ৰাজবংশীয়ে বৰখোপা হাইস্কুলত ভেঞ্চাৰ পৰ্যায়ৰ পৰা ইংৰাজী শিক্ষক হিচাবে শিক্ষকতা কৰাৰ অন্তত ২০২০ বৰ্ষৰ ৩১ জানুৱাৰীত প্ৰধান শিক্ষকৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে ৷

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত গোচৰ ৰুজু

ABOUT THE AUTHOR

...view details