অসম

assam

ETV Bharat / state

হিংস্ৰ পত্নী! তামুলপুৰত পত্নীৰ দাৰ ঘাপত মৃত্যু স্বামীৰ

শুৱাগপুৰৰ শহুৰেকৰ ঘৰত মৃত্যুক সাৱটিলে জোঁৱায়েকে ৷ পাৰিবাৰিক সংঘাতৰ পৰিণতিত পত্নীয়ে হত্যা কৰিলে স্বামীক ৷

শুৱাগপুৰত কালৰূপী পত্নী

By

Published : May 5, 2019, 4:23 PM IST

তামুলপুৰ,৫ মে' : শুৱাগপুৰৰ শহুৰেকৰ ঘৰত হত্যাৰ বলি জোঁৱায়েক ৷ তামুলপুৰৰ শুৱাগপুৰত পত্নীৰ দাৰ ঘাপত স্বামীৰ মৃত্যু। জানিব পৰামতে বহু দিন ধৰি পাৰিবাৰিক সংঘাত হৈ থকাৰ ফলতেই সংঘটিত হয় এই হত্যাকাণ্ড । পত্নী জোনালী কুমাৰে দাৰে ঘপিয়াই হত্যা কৰে স্বামী দুৰ্লভ কলিতাক । হত্যাৰ পাছতেই হত্যাকাৰী পত্নী জোনালী কুমাৰে আত্মসমৰ্পণ কৰে শুৱাগপুৰ আৰক্ষী চকীত । শনিবাৰে নিশা শুৱাগপুৰৰ শহুৰেকৰ ঘৰলৈ আহিছিল ৷

শুৱাগপুৰত কালৰূপী পত্নী

দুটা সন্তানৰ পিতৃ দুৰ্লভ কলিতাই আঠ বছৰ পূৰ্বে জোনালী কুমাৰৰ সৈতে সংসাৰৰ পাতনি মেলিছিল যদিও বিয়াৰ দুবছৰ মান পাচৰে পৰা আৰম্ভ হৈছিল পাৰিবাৰিক সংঘাত । পাৰিবাৰিক সংঘাতৰ বাবে পত্নীয়ে বিগত ছমাহৰ পৰা মাতৃগৃহত আছিল । অভিযোগ অনুসৰি স্বামী দুৰ্লভ কলিতাই শহুৰেকৰ ঘৰতো গৈ জোনালী কুমাৰক অত্যাচাৰ কৰিছিল । শনিবাৰে নিশাও স্বামী দুৰ্লভ কলিতা শহুৰৰ ঘৰত উপস্থিত হৈ পত্নীৰ সৈতে কাজিয়াত লিপ্ত হয় । পত্নীয়ে খঙত হিতাহিত জ্ঞান হেৰুৱাই স্বামীক ৰ'ড আৰু দাৰে প্ৰহাৰ কৰি হত্যা কৰে । ইফালে নিশাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু দুৰ্লভ কলিতাৰ মৃতদেহ আৰক্ষী চকীলৈ আনি দেওবাৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।লগতে হত্যাকাৰী জোনালী কুমাৰক বৰ্তমান গোৰেশ্বৰ আৰক্ষীৰ জিম্মাত ৰাখিছে ।

ABOUT THE AUTHOR

...view details