বাক্সা,29 মাৰ্চঃ বাক্সাৰ দক্ষিণ কুমাৰীকাটা বহুমুখী সমবায় সমিতিৰ অন্তৰ্গত দুখনকৈ গাঁৱত ভুৱা ৰেচন কাৰ্ড বিতৰণৰ অভিযোগ । কুমাৰপাৰা আৰু কাদঙাগাঁৱত ৰেচন কাৰ্ডৰ খেলি মেলিৰ বাবে বিগত ছয় মাহ ধৰি চাউল পোৱা নাই দুখনকৈ গাঁৱৰ কেইবাটাও পৰিয়ালে । তামুলপুৰ যোগান বিভাগক বিষয়টো অৱগত কৰাৰ পাচতো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগটোৱে । উপায়ন্তৰ হৈ শুকুৰবাৰে তামুলপুৰ আৰক্ষী থানাত দক্ষিণ কুমাৰীকাটা বহুমুখী সমিতিৰ সভাপতি সম্পাদকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে পৰিয়ালকেইটাই ।
বাক্সাৰ তামুলপুৰত ভুৱা ৰেচন কাৰ্ড বিতৰণৰ অভিযোগ - FAKE RATION CARD
ছয়মাহ ধৰি চাউল পোৱা নাই কেইবাটাও পৰিয়ালে ৷ ৰেচন কাৰ্ডৰ খেলি মেলিৰ বাবে বিগত ছয় মাহ ধৰি চাউল পোৱা নাই দুখনকৈ গাঁৱৰ কেইবাটাও পৰিয়ালে ৷ মুখ্যমন্ত্ৰীৰ অন্ন সুৰক্ষা যোজনাৰ অধীনত ৰেচন কাৰ্ড লাভ কৰা কেবাটাও পৰিয়ালৰ ৰেচন কাৰ্ড ভুৱা বুলি চাউল দিয়াৰ পৰা বিৰত এজেন্ট ৷
বাক্সা
তথ্য অনুসৰি পৰিয়ালকেইটাই প্ৰথম অৱস্থাত মুখ্যমন্ত্ৰী অন্ন সুৰক্ষা যোজনাৰ অধীনত ৰেচন কাৰ্ড লাভ কৰিছিল । প্ৰথম গৰাকী বহুমুখী এজেন্টৰ পৰা ঠিকেই চাউল লাভ কৰিছিল যদিও এজেন্ট সলনি হোৱাৰ লগে লগেই ৰেচন কাৰ্ড ভুৱা বুলি চাউল দিয়া বন্ধ কৰি দিয়া হয় বুলি অভিযোগ উত্থাপন কৰে ৰাইজে । এতিয়া প্ৰশ্ন হৈছে ৰাইজে পোৱা ৰেচন কাৰ্ডসমূহ যদি ভুৱা হয় তেন্তে শ শ ভুৱা ৰেচন কাৰ্ডকোনে বিতৰণ কৰিছিল? ৰাইজৰ প্ৰশ্ন চৰকাৰৰ ঘৰৰ পৰা দিয়া ৰেচন কাৰ্ড কেনেকৈ ভুৱা হ'ল ??