আৰক্ষীৰ জালত ভুৱা ড্ৰাইভিং লাইচেঞ্চ প্ৰস্তুতকাৰী
সাৱধান ! আপুনি দালালৰ জৰিয়তে ড্ৰাইভিং লাইচেঞ্চ বনাইছে নেকি ? যদি বনাইছে আপোনাৰ ড্ৰাইভিং লাইচেঞ্চখন ভালদৰে পৰীক্ষা কৰক ৷ অন্যথা পৰিব পাৰে কেতিয়াবা বিপদত ৷ শনিবাৰে পুৱাই গোৰেশ্বৰ থানাৰ আলহী হ'ল ভুৱা ড্ৰাইভিং লাইচেঞ্চ প্ৰস্তুতকাৰী চাৰি প্ৰৱঞ্চক ৷
বাক্সা, 6 জুলাই : বাক্সাৰ গোৰেশ্বৰ আৰক্ষীৰ বৃহৎ সাফল্য ৷ শনিবাৰে পুৱাই গোৰেশ্বৰ থানা আৰক্ষীয়ে আটক কৰে ভুৱা ড্ৰাইভিং লাইচেঞ্চ প্ৰস্তুতকাৰী চাৰি প্ৰৱঞ্চকক ৷ গোৰেশ্বৰৰ প্ৰশান্ত বিশ্বাস নামৰ ব্যক্তি গৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলায় চাৰি ধুৰন্ধৰৰ পৰা জব্দ কৰে 14 খনকৈ জালিয়াতিৰ ড্ৰাইভিং লাইচেঞ্চ ৷ প্ৰৱঞ্চক কেইজন হৈছে লতাশিল থানাৰ অন্তৰ্গত ধীৰেণপাৰাৰ ৰাজু ভৌমিক ,গোপীনাথ নগৰৰ সৌৰভ কুমাৰ দে’, হাজো থানা অন্তৰ্গত বৰম্বোয়ৰ নাৰায়ণ পাটোৱাৰী আৰু তামুলপুৰ থানাৰ অন্তৰ্গত বৰঘুলিৰ চফিকুল হক ৷ আটাইকেইটা প্ৰৱঞ্চকে বাক্সা জিলাৰ পৰিবহণ বিভাগৰ বিষয়াৰ চহী জালিয়াতি কৰি বনাইছিল ভুৱা ড্ৰাইভিং লাইচেঞ্চ ৷ প্ৰতিখন ড্ৰাইভিং লাইচেঞ্চৰ বাবদ তেওঁলোকে লৈছিল 3 হাজাৰ টকাকৈ ৷ বৰ্তমান গোৰেশ্বৰ থানাৰ আলহী এই চাৰি প্ৰৱঞ্চক ৷