বাক্সা, 9 জুলাইঃ বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী চকীৰ অন্তৰ্গত লতিবাৰীত মঙলবাৰে আৰক্ষীয়ে কৰে এজন ভুৱা চিকিৎসকক ৷ আটকাধীন ভুৱা চিকিৎসক জনৰ নাম ৰতন সেন গুপ্তা ৷ বিগত তিনিমাহ ধৰি লতিবাৰী অঞ্চলৰ বজাৰত চেম্বাৰ খুলি চিকিৎসা চলায় আহিছিল ভুৱা চিকিৎসকজনে ৷ চিকিৎসক জনৰ ঘৰ পশ্চিমবঙ্গৰ শিলিগুৰী আৰক্ষী চকীৰ অন্তৰ্গত ৰবীন্দ্ৰ নগৰত ৷ উল্লেখযোগ্য যে ভুৱা চিকিৎসক ৰতন সেন গুপ্তই বিগত তিনি মাহ ধৰি লতিবাৰীত চিকিৎসা চলায় আছিল যদিও কিছুদিন পূৰ্বে এগৰাকী ৰোগীক ভুল চিকিৎসাৰ লগতে ঔষধ প্ৰদান কৰাত ৰোগী গৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত সন্দেহ ওপজে স্থানীয় ৰাইজৰ । লগে লগে স্থানীয় ৰাইজে ভুৱা চিকিৎসক গৰাকীক ধৰি আৰক্ষীক গতাই দিয়ে ।
তামুলপুৰত আটক ভুৱা চিকিৎসক - এজন ভূৱা চিকিৎসক
পৰৱৰ্তী সময়ত তামুলপুৰ থানাৰ অন্তৰ্গত গান্ধীবাৰী আৰক্ষী চকীৰ আৰক্ষী বিষয়া মনোজ কুমাৰ দাসে সোধপোচ কৰাত নিজকে পশ্চিমবঙ্গৰ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা আয়ুৰ্বেদিক বিষয়ত চিকিৎসা ডিগ্ৰী লাভ কৰা বুলি কয় যদিও আৰক্ষীয়ে আয়ুৰ্বেদিক চিকিৎসাৰ প্ৰমাণ পত্ৰ চাব খোজাত ভুৱা চিকিৎসক গৰাকীয়ে কোনো ধৰণৰ প্ৰমাণ পত্ৰ আৰক্ষীক দেখুৱাবলৈ সক্ষম নহ’ল ৷
তামুলপুৰত আটক ভুৱা চিকিৎসক
পৰৱৰ্তী সময়ত তামুলপুৰ থানাৰ অন্তৰ্গত গান্ধীবাৰী আৰক্ষী চকীৰ আৰক্ষী বিষয়া মনোজ কুমাৰ দাসে সোধপোচ কৰাত নিজকে পশ্চিমবঙ্গৰ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা আয়ুৰ্বেদিক বিষয়ত চিকিৎসা ডিগ্ৰী লাভ কৰা বুলি কয় যদিও আৰক্ষীয়ে আয়ুৰ্বেদিক চিকিৎসাৰ প্ৰমাণ পত্ৰ চাব খোজাত ভুৱা চিকিৎসক গৰাকীয়ে কোনো ধৰণৰ প্ৰমাণ পত্ৰ আৰক্ষীক দেখুৱাবলৈ সক্ষম নহ’ল ৷ ফলত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৩১৪/১৯ ধৰা ৪১৯ /৪২০/ ৪০৬/ ২৭৬ নম্বৰত এক গোচৰ ৰুজু কৰি ভুৱা চিকিৎসক গৰাকীক জেল হাজাতলৈ প্ৰেৰণ কৰে ।