বাক্সা, 22 মাৰ্চ:দেওবাৰে ৰ'টাৰেক্ট আৰু ৰটাৰী ক্লাব গুৱাহাটী লুইতৰ উদ্যোগত আৰু বিটিএডি সাংবাদিক সন্থাৰ বাক্সা জিলা সমিতিৰ সহযোগত বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী সুৱনখাটাত অনুষ্ঠিত হয় এক বিনামূলীয়া চকু চিকিৎসা শিবিৰ । সুৱনখাটা হাইস্কুলৰ প্ৰধীন শিক্ষক গনেশ শৰ্মাই উদ্বোধন কৰা এই শিবিৰত ১৫০ গৰাকী ব্যক্তিৰ চকু পৰীক্ষা কৰা হয় ।
চকু পৰীক্ষা কৰা ব্যক্তিসকলৰ ভিতৰত ৪৯ গৰাকী ৰোগীৰ চকু পৰীক্ষা কৰি অহা ২৬ আৰু ২৮ মাৰ্চত গুৱাহাটীৰ ছাত্ৰীবাৰীস্থ লায়ন্স চকু চিকিৎসালয়ত বিনামূলীয়া কেটাৰেক্ট অস্ত্ৰোপচাৰ কৰা হ'ব । আনহাতে একেটা অনুষ্ঠানতে সুৱনখাটা হাইস্কুলৰ ৪১২ গৰাকী ছাত্ৰীকো বিনামূলীয়াকৈ চেনিটাৰী পেড বিতৰণ কৰা হয় ।