অসম

assam

ETV Bharat / state

বৰমাত হাতেৰে স্পৰ্শ কৰিব পৰাকৈ ওলমি ৰৈছে বিদ্যুৎ পৰিবাহী তাঁৰ : শংকিত ৰাইজ - APDCL

বৰমাত বিদ্যুৎ উপসংমণ্ডলৰ চৰম গাফিলতি (Extreme negligence in Barma Electricity Sub Division) ৷ বিপদসংকুল অৱস্থাত উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ ৷ ক্ষোভিত স্থানীয় ৰাইজ ৷

extreme negligence in Barma Electricity Sub Division
বৰমাত বিদ্যুত উপসংমণ্ডলৰ চৰম গাফিলতি: বিপদজনক অৱস্থাত উচ্চ ক্ষমতাসম্পন্ন বিদ্যুত পৰিবাহী তাঁৰ

By

Published : Sep 27, 2022, 5:41 PM IST

বাক্সা, ২৭ ছেপ্টেম্বৰ: ৰাজ্যত বিদ্যুৎ বিল দুগুণ বৃদ্ধিয়ে মাধমাৰ শোধাইছে সৰ্বসাধাৰণক । তাৰ মাজতেই বৰমাৰ বিদ্যুৎ উপসংমণ্ডলৰ চৰম গাফিলতিৰ ছবি পোহৰলৈ আহিছে । কেৱল বিদ্যুৎ বিল আদায় কৰাতেই যেন সীমাবদ্ধ সংশ্লিষ্ট বিদ্যুত সংমণ্ডলটোৰ কাম ৷ নলবাৰী জিলাৰ বৰজাৰত থকা বৰমা বিদ্যুৎ উপসংমণ্ডলৰ অধীনস্থ বিভিন্ন স্থানত এতিয়া চৰম গাফিলতি চলা পৰিলক্ষিত হৈছে (extreme negligence in Barma Electricity Sub Division) ।

কাৰ্যালয়টোৰ অধীনস্থ দিপ্তা-সুৰাদীত সুউচ্চ ১১০,০০ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ হাতেৰে চুব পৰা অৱস্থাত থকাৰ লগতে বিভিন্ন স্থানত বাঁহেৰে বিদ্যুৎ যোগান ধৰা দেখিবলৈ পোৱা গৈছে ৷ তদুপৰি স্থানীয় ৰাইজৰ সুবিধা-অসুবিধাৰ প্ৰতি কোনো ভ্ৰুক্ষেপ নকৰি পথৰ মাজতেই স্থাপন কৰা বৈদ্যুতিক খুঁটাৰ ক্ষেত্ৰতো কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল উপসংমণ্ডলটোৱে ৷

যাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত অন্যান্য বাহনৰ লগতে জৰুৰীকালীন সেৱাৰ চলাচলটো সমস্যাই দেখা দিয়ে বুলি স্থানীয় ভুক্তভোগী ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷

বৰমাত বিদ্যুত উপসংমণ্ডলৰ চৰম গাফিলতি: বিপদজনক অৱস্থাত উচ্চ ক্ষমতাসম্পন্ন বিদ্যুত পৰিবাহী তাঁৰ

আনহাতে, বাঁহেৰে ওলমি থকা বৈদ্যুতিক তাঁৰত চৰ্ট চাৰ্কিট হৈ কেইবাটাও পৰিয়ালৰ টি.ভি, ফেন, ফ্ৰীজ, ইনভাৰটাৰৰ লগতে বৈদ্যুতিক সা-সামগ্ৰী নষ্ট হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে (Bamboo electricity service in Barma) । এইক্ষেত্ৰত বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক অভিযোগ কৰাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰি অহা বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে ৷

সু-বিদ্যুৎ সেৱাৰ অভাৱত ভোগা সত্বেও সদ্যহতে APDCL ৰ বৰ্ধিত বিদ্যুৎ মাচুল আদায় দিবলগীয়া হোৱাত ক্ষোভিত হৈ পৰিছে বৰমা উপসংমণ্ডলৰ অন্তৰ্গত উপভোক্তাসকল (Excessive increase in electricity tariffs) ৷

লগতে পঢ়ক:হঠাতে এপিডিচিএলৰ লাভ বাঢ়িল কেনেকৈ ?

ABOUT THE AUTHOR

...view details