অসম

assam

ETV Bharat / state

বাক্সাৰ ককলাবাৰীত ইউপিপিএলৰ যৌথ কৰ্মী সভা - ইউপিপিএলৰ যৌথ কৰ্মী সভা

2021 ৰ বিধানসভা নিৰ্বাচনৰ বাবে একেলগে ৰণনীতি আগুৱাই নিব ইউপিপিএল, বিজেপি আৰু জিএচপিৰ মিত্ৰজোঁটে ৷ এই মন্তব্য ইউপিপিএলৰ কাৰ্যকৰী সভাপতি ৰণগৌৰা নাৰ্জাৰীৰ ৷ বৃহস্পতিবাৰে বাক্সা জিলাৰ ককলাবাৰী লক্ষী বজাৰত ইউপিপিএল দলৰ যৌথ কৰ্মী সভা অনুষ্ঠিত ৷ সমাগত 2021 ৰ বিধান সভা নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভত কৰ্মী সভাত বিতং আলোচনা ৷

kokolabari in baksa
kokolabari in baksa

By

Published : Jan 21, 2021, 5:24 PM IST

বাক্সা, 21 জানুৱাৰী:বাক্সা জিলাৰ ককলাবাৰী লক্ষী বজাৰত বৃহস্পতিবাৰে অনুষ্ঠিত ইউপিপিএল দলৰ এখন যৌথ কৰ্মী সভাত উপস্থিত থাকি ইউপিপিএলৰ কাৰ্যকৰী সভাপতি ৰণ গৌৰা নাৰ্জাৰীয়ে জানিবলৈ দিয়ে যে, মুছলপুৰ জিলা আৰু শালবাৰী জিলা ইউপিপিএলক লৈ তেওঁলোকে এক কৰ্মশালা আৰম্ভ কৰি দলীয় স্থিতি সন্দৰ্ভত আলোচনা আগবঢ়াইছে ৷ তেওঁ লগতে এই কথাও জানিবলৈ দিয়ে যে, সমাগত 2021 ৰ বিধান সভা নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভত এই কৰ্মী সভাত বিতংকৈ আলোচনা কৰা হৈছে ৷

2021 ৰ বিধান সভা নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভত কৰ্মী সভাত বিতং আলোচনা

ইউপিপিএল দলক লৈ ৰাইজৰ আৰু তেওঁলোকৰ কৰ্মী সকলৰ সঁহাৰি যথেষ্ট ভাল বুলি মন্তব্য কৰি তেওঁ কয় যে, "সকলোৰে মুখত এটাই কথা শুনিবলৈ পাইছোঁ যে ইউপিপিএল দলে যথেষ্ট কষ্ট কৰি বিটিআৰত চৰকাৰ গঠন কৰিছে ৷ ঠিক তেনেকৈ আগন্তুক বিধানসভা নিৰ্বাচনতো ইউপিপিএলে বিটিচিৰ 12 টাকৈ সমষ্টি দখল কৰিব আৰু কেনেকৈ দখল কৰিব সেই সম্পর্কে বৃহস্পতিবাৰৰ কৰ্মী সভাত আলোচনা কৰা হৈছে ৷"

দলটোৰ সকলো নেতা কৰ্মীয়ে দলটোক লৈ যথেষ্ট সক্ৰিয়ভাৱে ভাৱে কাম কৰি যাব বুলি আশ্বাস প্ৰদান কৰিছে বুলি জানিবলৈ দি তেওঁ কয় যে ইউপিপিএল, বিজেপি আৰু জিএচপিৰ মিত্ৰজোঁটৰ তিনিওটা দলে মিলি আগন্তুক ৰণনীতি চলাব ৷

বৃহস্পতিবাৰে অনুষ্ঠিত এই সভাত ইউপিপিএলৰ কাৰ্যকৰী সভাপতি ৰণগৌৰা নাৰ্জাৰীৰ লগতে অধ্যক্ষ কাতিৰাম বড়ো, কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীকে ধৰি দলটোৰ একাংশ নেতা কৰ্মী উপস্থিত আছিল ৷

লগতে পঢ়ক:বাক্সাৰ বাৰাপেটাত বন্যহস্তীৰ তাণ্ডৱ : নিহত এজন

ABOUT THE AUTHOR

...view details