বাক্সা,18 অক্টোবৰঃ শুকুৰবাৰে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত দক্ষিণ কুমাৰীকাটাৰ ৰাজুহুৱা প্ৰেক্ষাগৃহত প্ৰাক্তন আলফা ঐক্য মঞ্চ আৰু শ্বহীদ পৰিয়ালৰ বিটিএডিৰ চাৰিখন জিলাৰ ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰী,প্ৰাক্তন আলফাৰ নেতা অনুপ চেতিয়া,ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য বিজিৎ গৌৰা নাৰ্জাৰী,স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰী। প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াই ভাষণ প্ৰসংগত কয় যে বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিচিত থকা প্ৰাক্তন আলফা সকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে আৰু শ্বহীদ পৰিয়ালক বিটিচিৰ ফালৰ পৰা আৰ্থিক সাহায্য আগবঢ়াবলৈ বিচাৰে যদিও বহুলোকে বেংকৰ সঠিক তথ্য দিব পৰা নাই বাবেই হয়তো বাকী ৰৈ গৈছে ৷ তেওঁ লগতে অসমীয়াৰ বিৰুদ্ধে থিয় দিয়া অপশক্তি সমূহক চিনাক্ত কৰিবলৈ আহ্বান জনায় ৰাইজক ৷ আনহাতে প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াই একালৰ সতীৰ্থ তথা বৰ্তমান ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে তেওঁ বড়ো অবড়ো বাদ দিয়ক। বড়োসকল অসমৰ খিলঞ্জীয়া,খিলঞ্জীয়া সকলৰ লগত নাথাকিলে অসম বিৰোধী তৃতীয় শক্তিয়ে সুবিধা গ্ৰহণ কৰিব ৷ বৰ্তমানৰ সাংসদ গৰাকী একালত আলফা আছিল ৷ সাংসদ হোৱাৰ পাছত তেওঁ কেতিয়াবা সংসদত আলফাৰ প্ৰসংগ উত্থাপন কৰি পাইছেনে বুলিও প্ৰশ্ন কৰে অনুপ চেতিয়াই ৷ বৰ্তমান যি খন এন আৰ চি চূড়ান্ত তালিকা প্ৰস্তুত হ'ল সেইখনে ৰাইজক আশ্বস্ত কৰিব নোৱাৰা এন আৰ চি বুলিও মন্তব্য কৰে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই ৷
ৰাজ্যৰ স্বাৰ্থত একেখন মঞ্চত প্ৰাক্তন বিদ্ৰোহী - প্ৰাক্তন আলফা নেতা অনুপ চেতিয়া
"বড়োসকল অসমৰ খিলঞ্জীয়া,নৱ কুমাৰ শৰণীয়া খিলঞ্জীয়া সকলৰ লগত নাথাকিলে সুবিধা গ্ৰহণ কৰিব অসম বিৰোধী তৃতীয় শক্তিয়ে" ৷ প্ৰাক্তন আলফা ঐক্য মঞ্চ আৰু শ্বহীদ পৰিয়ালৰ বিটিএডিৰ চাৰিখন জিলাৰ ৰাজুহুৱা সভাত সাংসদ নৱ শৰণীয়াক ক্ষুৰধাৰ সমালোচনা কৰিলে প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াই ৷
বড়ো অবড়ো বাদ দিয়ক, খিলঞ্জীয়াৰ লগত থাকক নৱ শৰণীয়া
Last Updated : Oct 18, 2019, 11:07 PM IST