বাক্সা, 8 অক্টোবৰ :‘‘ঘৰৰ মানুহ ঘৰলৈ’’ উভতিবলৈ টালি-টোপোলা বান্ধি সাজু হৈছে ৷ বিজেপিৰ পৰা একাপ চাহো নোখোৱাকৈ সদল-বলে পুনৰ পুৰণি দললৈ উভতিবলৈ সাজু হৈছে তামুলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰী ৷ উল্লেখ্য যে, 2020 চনৰ 22 নবেম্বৰত বিপিএফ ত্যাগ কৰি বিজেপি দলত যোগদান কৰিছিল মুছাহাৰীয়ে ৷
মাত্ৰ তিনিবছৰতে ইমানুৱেল মুছাহাৰীৰ বাবে বিজেপি হৈ পৰিল পানী খোৱা পুখুৰীত বিষ ঢলা দল ৷ সেয়ে বিজেপি দল ত্যাগ কৰি বিপিএফত যোগদান কৰিবলৈ সাজু হৈছে ইমানুৱেল মুছাহাৰীয়ে ৷ দেওবাৰে বিজেপিৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ প্ৰদান কৰি তামুলপুৰত সংবাদমেল আয়োজন কৰে প্ৰাক্তন বিজেপি নেতা মুছাহাৰীয়ে ৷
কিয় বিজেপিৰ পৰা পদত্যাগ কৰিলে ? কি কাৰণে বিজেপিত যোগদান কৰিছিল ? বিজেপিয়ে মোছাহাৰী কি পদ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ? সংবাদমেল যোগে এই সকলোবাৰ প্ৰশ্নৰ উত্তৰ দিলে সদ্য বিজেপি ত্যাগী তথা প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীয়ে ৷