বাক্সা, 10 জুনঃবাক্সা জিলাৰ তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বেটাগাঁৱত বিগত কিছুদিনৰ পৰা গৰাখহনীয়াই লৈছে ভয়ংকৰ ৰূপ ৷ যাৰ বাবে এতিয়া নৈপৰীয়া ৰাইজে কটাবলগীয়া হৈছে উজাগৰী নিশা ৷ ইতিমধ্যেই পুঠিমাৰী নৈৰ খহনীয়াত জাহ গৈছে কেবাটাও পৰিয়ালৰ মাটি-ভেটিৰ লগতে বিস্তৰ কৃষিভূমি ৷ নৈ পাৰৰ পৰা স্থানান্তৰ কৰিবলগীয়া হৈছে কেবাটাও পৰিয়ালক ৷
পুঠিমাৰী নৈৰ খহনীয়াত বিপৰ্যস্ত নৈপৰীয়া কেইবাটাও পৰিয়াল
পুঠিমাৰী নৈৰ খহনীয়াই বিপৰ্যস্ত কৰিছে বাক্সা জিলাৰ তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বেটাগাঁৱৰ ৰাইজক ৷ শীঘ্ৰেই বেটাগাঁৱত মথাউৰি নিৰ্মাণৰ দাবী স্থানীয় লোকৰ লগতে নৈপৰীয়া ৰাইজৰ ৷
নৈপৰীয়া ৰাইজে দীৰ্ঘদিন ধৰি মথাউৰি নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক আবেদন জনাই আহিছে যদিও, আজিলৈ বান ক্ষতিগ্ৰস্ত অঞ্চলটোত মথাউৰি নিৰ্মাণৰ কোনো ধৰণৰ কাম হাতত নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি জলসিঞ্চন বিভাগৰ চৰম অবহেলাৰ বাবেই তেওঁলোকে দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৷ বিগত বানতে বহু পৰিয়াল গৃহহাৰা হোৱাৰ পিচতো বিভাগটোৱে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই অঞ্চলটোত ৷ শীঘ্ৰেই বেটাগাঁৱত মথাউৰি নিৰ্মাণৰ দাবী জনাইছে নৈপৰীয়া ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে ৷