অসম

assam

By

Published : May 12, 2020, 10:42 AM IST

ETV Bharat / state

সমাগত বাৰিষাক লৈ চিন্তিত বান বিধ্বস্ত অঞ্চলৰ লোক !

গোৰেশ্বৰৰ বেটাগাঁৱৰ পুঠিমাৰী নৈৰ পাৰৰ লোকসকল চিন্তিত হৈ পৰিছে সমাগত বাৰিষাক লৈ । কিয়নো বিগত বাৰিষাৰ বানত নৈপৰীয়া লোকসকলে নিজ ঘৰৰ ভেটি হেৰুওৱাৰ পিচতো, আজিলৈ চৰকাৰে গুৰুত্ব নিদিলে ক্ষতিগ্ৰস্ত লোকসকলৰ দুৰ্দশাক ।

erosion problem in baksa
erosion problem in baksa

বাক্সা, 12 মে': বাক্সাৰ গোৰেশ্বৰৰ বেটাগাঁৱৰ পুঠিমাৰী নৈৰ মথাউৰি নিৰ্মাণত অৱহেলাৰ অভিযোগ নৈপৰীয়া ৰাইজৰ । জলসম্পদ বিভাগৰ চৰম অৱহেলাৰ বাবে দুৰ্ভোগ ভোগাৰ আশংকাত নৈপৰীয়া ৰাইজ । বিগত বানত বহু লোকে নিজৰ ঘৰৰ ভেটি মাটি হেৰুৱালে যদিও, চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ ক্ষতিগ্ৰস্ত লোকসকলৰ । সম্প্ৰতি সমাগত বাৰিষাৰ বানক লৈ চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ ।

সমাগত বানক লৈ চিন্তিত একাংশ বান বিধ্বস্ত অঞ্চলৰ লোক

ৰাজ্য চৰকাৰে মথাউৰি নিৰ্মাণৰ বিষয়ে ঘোষণা কৰিছিল যদিও, এতিয়াও মথাউৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ নুঠিল গাঁওখনত । গাঁওখনৰ একমাত্ৰ সংযোগী পথটোও বানে সংযোগ বিচ্ছিন্ন কৰি দিয়াৰ লগতে, কেইবাটাও পৰিয়ালে হেৰুৱাইছে ঘৰৰ ভেটি । স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, বিভাগীয় কৰ্তৃপক্ষই আহি মথাউৰি নিৰ্মাণৰ আশ্বাস দিয়ে যদিও, আজিলৈ অঞ্চলটোত মথাউৰি নিৰ্মাণৰ কোনো কাম দেখা নাই নৈপৰীয়া লোকসকলে ।

লগতে পঢ়কঃপ্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধিত দুৰ্নীতিঃ কংগ্ৰেছৰ এজাহাৰ দাখিল

ABOUT THE AUTHOR

...view details