অসম

assam

ETV Bharat / state

নিঃচিহ্ন হোৱাৰ পথত বাক্সাৰ এখন গাঁও - বাক্সাৰ গোৰেশ্বৰৰ বেটা গাঁও

বাক্সাৰ গোৰেশ্বৰৰ বেটাগাঁৱত খহনীয়াই লৈছে ভয়ংকৰ ৰূপ ৷ পুঠিমাৰী নৈয়ে সৃষ্টি কৰা খহনীয়াৰ তাণ্ডৱ দেখি ভীতিগ্ৰস্ত হৈ পৰিছে গাঁওবাসী ৷ ইফালে কাণসাৰ নাই জনপ্ৰতিনিধিৰ ৷

eroison-at-goreswar-beta-gaon
নিচিহ্ন হোৱাৰ পথত বাক্সাৰ এখন গাঁও

By

Published : Jul 1, 2020, 2:10 PM IST

তামুলপুৰ,1জুলাইঃবাক্সাৰ গোৰেশ্বৰৰ বেটাগাঁৱত ভয়ংকৰ খহনীয়া ৷ নিচিহ্ন হোৱাৰ পথত গোৰেশ্বৰৰ বেটাগাঁও ৷ পুঠিমাৰী নৈয়ে খহনীয়াৰ তাণ্ডৱ ৰূপ ধাৰণ কৰি এফালৰ পৰা তচ নচ কৰি গৈ আছে তামুলপুৰ মহকুমাৰ অন্তৰ্গত এই গাঁওখন ৷ বিগত দুটা বছৰত গাঁওখনৰ প্ৰায় ৫০ঘৰ মানুহৰ ভেটি উচন হৈছে ৷

নিঃচিহ্ন হোৱাৰ পথত বাক্সাৰ এখন গাঁও

এনেদৰে যদি নৈ খনে খহনীয়া চলাই থাকে তেন্তে আগন্তুক সময়তগোটেই গাঁওখন জাহ যাব নৈৰ বুকুত ।বাৰিষা আহিলেই আতংকিত হৈ পৰে গাঁওবাসী কাৰণ নিশাৰ ভিতৰতে চকুৰ পচাৰতে কিমান মানুহৰ ঘৰ উচন হৈ যায় তাৰ কোনো নিশ্চয়তা নাই ৷

কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হ'ল,গাঁওবাসীক এনে বিপদজনক পৰিস্থিতিৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰে বৰ্তমানলৈকে গ্ৰহণ কৰা নাই কোনোধৰণৰ আঁচনি ৷ইফালে সময়ে সময়ে জনপ্ৰতিনিধি গাঁওখনলৈ গৈ খহনীয়া ৰোধৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিব বুলি মিছা আশ্বাস দি আহে ৷সেয়ে এই কথা বুজিব পাৰি এতিয়া ক্ষোভত উথলি উঠিছে গোৰেশ্বৰৰ বেটাগাঁৱৰ গাঁওবাসী ৷

লগতে পঢ়কঃএই পৰ্যন্ত কাজিৰঙাত বানত মৃত্যু ১৪ টা বন্য জীৱৰ

ABOUT THE AUTHOR

...view details