বাক্সা, ০১ জুলাই :বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তত বন্য হস্তীৰ উপদ্ৰৱত এতিয়া অঞ্চলবাসীয়ে বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে। বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহি দুটা বনৰীয়া হাতীয়ে দেওবাৰে নিশা নাগ্ৰীজুলীৰ গৈয়বাৰীৰ মহেন্দ্ৰ নগৰত ছয়টাকৈ পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে ভৰালৰ ধান-চাউল খাই তহিলং কৰে।
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বন্য হস্তীৰ সন্ত্ৰাস - ভাৰত ভূটান সীমান্ত
১৯ জুন তাৰিখে উক্ত অঞ্চলৰে বীৰেণ স্বৰ্গীয়াৰী নামৰ এজন লোকে বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যুক আকোঁৱালি ল'ব লগীয়া হৈছিল ।
![বাক্সাৰ ভাৰত-ভূটান সীমান্তত বন্য হস্তীৰ সন্ত্ৰাস](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3710080-thumbnail-3x2-bhds1.jpg)
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বন্য হস্তীৰ সন্ত্ৰাস
বাক্সাত এতিয়া হাতী মানুহৰ সংঘাত নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে । উল্লেখ্য যে ১৯ জুন তাৰিখে উক্ত অঞ্চলৰে বীৰেণ স্বৰ্গীয়াৰী নামৰ এজন লোকে বনৰীয়া হাতীৰ আক্ৰমণত এক ভয়ংকৰ মৃত্যুক আঁকোৱালি ল'ব লগীয়া হৈছিল ।
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বন্য হস্তীৰ সন্ত্ৰাস