বাক্সা,11 ছেপ্টেম্বৰঃবাক্সাত দৈনিক বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ৷ জিলা খনৰ মুছলপুৰ মহকুমাৰ অধীনৰ বিচাৰপুৰত বন্যহস্তীৰ সন্ত্ৰাসৰ বাবে গাঁওবাসীয়ে বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে৷ মঙলবাৰে নিশা 40 টা হাতীৰ এটা জাকে বিচাৰপুৰ গাঁৱত কেবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে ভড়ালৰ ধান খাই তাণ্ডৱ সৃষ্টি কৰে৷
বাক্সাৰ বিচাৰপুৰত বন্যহস্তীৰ ত্ৰাস - বন্যহস্তী
অনাহাৰে-অনিদ্ৰাই নিশা পাৰ কৰিলে বিচাৰপুৰৰ কেবাটাও পৰিয়ালে৷ গাঁও খনৰ কেবাটাও ঘৰ ভঙি লণ্ড ভণ্ড কৰিলে বন্যহস্তীয়ে৷
বাক্সাৰ বিচাৰপুৰত বন্যহস্তীৰ ত্ৰাস
যাৰ ফলত গাঁওখনৰ পৰিয়াল সমূহে ওৰে নিশা উজাগৰে পাৰ কৰিব লগীয়া হৈছে ৷ আনকি অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী সকলে বন্যহস্তীৰ ত্ৰাসত শিক্ষা গ্ৰহণৰ পৰাও বিৰত থাকিব লগীয়া হৈছে ৷ ইপিনে স্থানীয় লোক সকলে জানিব দিয়া মতে উক্ত অঞ্চলটোত দিন-দুপৰতে বন্যহস্তীয়ে মুক্ত ভাৱে বিচৰণ কৰা পৰিলক্ষিত হয়৷