অসম

assam

ETV Bharat / state

শাম কটাৰ দিশে ভাৰত-ভূটান সীমান্তৰ হাতী-মানুহৰ দীৰ্ঘদিনীয়া সংঘাত - Elephant protection Fencing in indo-bhyan border

অতি শীঘ্ৰেই শাম কটাৰ দিশে অগ্ৰসৰ হৈছে ভাৰত-ভূটান সীমান্তৰ হাতী-মানুহৰ দীৰ্ঘদিনীয়া সংঘাত ৷ স্থানীয় বিধায়ক আৰু আৰণ্যক নামৰ অসমৰ এটা শীৰ্ষস্থানীয় বেচৰকাৰী প্ৰতিষ্ঠানৰ উদ্যোগত সেই অঞ্চলত আৰম্ভ হৈছে GPS ট্ৰেক যুক্ত ফেন্সিং নিৰ্মাণৰ কাম ৷

ভাৰত-ভূটান সীমান্তৰ হাতী-মানুহৰ দীৰ্ঘদিনীয়া সংঘাত
ভাৰত-ভূটান সীমান্তৰ হাতী-মানুহৰ দীৰ্ঘদিনীয়া সংঘাত

By

Published : Sep 18, 2020, 9:15 AM IST

বাক্সা, 18 ছেপ্তেম্বৰ: তামুলপুৰৰ ভাৰত-সীমান্তত অব্য়াহত থকা হাতী-মানুহৰ সংঘাত শাম কটাৰ দিশত ৷ দীৰ্ঘদিনীয়া সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ আশা দেখিছে স্থানীয় ৰাইজে ৷ পৰ্যটনস্থলী বগামাটিৰ পৰা নাগ্ৰীজুলি চাহ বাগিছাৰ মাজেৰে বহু কেইখন গাঁৱক সামৰি আৰম্ভ কৰা হৈছে অসমৰ সৰ্ববৃহৎ GPS ট্ৰেক যুক্ত ফেন্সিং নিৰ্মাণৰ কাম ৷ স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰীৰ তৎপৰতাত আৰণ্যক নামৰ অসমৰ এটা শীৰ্ষস্থানীয় বেচৰকাৰী প্ৰতিষ্ঠানৰ উদ্যোগত সেই কাম আৰম্ভ কৰা হৈছে বুলি জানিবলৈ দিয়ে নাগ্ৰীজুলি অঞ্চলৰ হাতী-মানুহৰ সংঘাত নিৰাময় কমিটিৰ সভাপতি খগেন দাসে ৷

শাম কটাৰ দিশে ভাৰত-ভূটান সীমান্তৰ হাতী-মানুহৰ দীৰ্ঘদিনীয়া সংঘাত

সঘনাই খাদ্যৰ সন্ধানত ভূটান পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ আক্ৰমণত অঞ্চলটোৰ বহু লোকে প্ৰাণ হেৰুৱাৰলগীয়া হৈছে ৷ ইয়াৰোপৰি বহু লোকে হেৰুৱালগীয়া হৈছে তেওঁলোকৰ সৰ্বস্ব ৷ ইতিমধ্যে হাতী-মানুহৰ সংঘাত নিৰাময় কমিটিৰ সভাপতি গৰাকীৰ পৰিচালনাত প্ৰায় 80 শতাংশ কাম সম্পন্ন হৈছে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, সৌৰ শক্তিৰ দ্বাৰা নিয়ন্ত্ৰিত উচ্চ ক্ষমতা সম্পন্ন যি ফেন্সিঙৰ ব্যৱস্থা কৰা হৈছে সেইয়া অতিকৈ আদৰণীয় বুলি উল্লেখ কৰে স্থানীয় ৰাইজৰ লগতে খগেন দাসে ৷ তেওঁলোকে জানিবলৈ দিয়া অনুসৰি সেই ফেন্সিঙত লাগিলে বিদ্যুতৰ সামান্য চ'ক লাগিলেও হাতী-মানুহ কোনো প্ৰাণীৰে অপকাৰ নহয় ৷ বৰ্তমানলৈ সেই অঞ্চলৰ যিসমূহ স্থানত ইয়াৰ কাম সম্পূৰ্ণ হৈছে, সেইসমূহ স্থানত হাতীৰ উপদ্ৰব বহু পৰিমাণে শাম কাটিছে বুলি জানিব পৰা গৈছে ৷ স্থানীয় লোকে এই কামৰ বাবে স্থানীয় বিধায়ক গৰাকীৰ লগতে আৰণ্যক কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়ক:ভদীয়া বানত বুৰিল ধেমাজি

ABOUT THE AUTHOR

...view details