হাতীৰ আহাৰ এটা বিশেষ পাহাৰ - bhutan
বাক্সাৰ ভাৰত ভূটান সীমান্তত হাতীয়ে খোৱা এটা বিশেষ পাহাৰ ৷ পাহাৰটোৰ মাটি আহাৰ হিচাপে গ্ৰহণ কৰে হাতীৰ লগতে আন বহু জীৱ-জন্তুৱে ৷
![হাতীৰ আহাৰ এটা বিশেষ পাহাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4066599-thumbnail-3x2-ui.jpg)
হাতীয়ে আহাৰ হিচাপে খোৱা এখন বিশেষ পাহাৰ
বাক্সা,7আগষ্ট : বাক্সাৰ ভাৰত ভূটান সীমান্তত হাতীয়ে খোৱা এটা বিশেষ পাহাৰ ৷ এই বিশেষ পাহাৰটো খাৰ মাটি নামেৰে জনাজাত যদিও, বিটিচি চুক্তি হোৱাৰ পিছত বড়ো সকলে চৌংখ্ৰী হাজো নামেৰেও নামাকৰণ কৰিছিল ৷ পাহাৰটো পাগলাদিয়া নৈৰ তীৰৰ তিনি আৰু সাত নম্বৰ বান্ধৰ মানাহ চৌকিৰ ওচৰত অৱস্থিত ৷ দৰাচলতে এই পাহাৰটোৰ মাটি নিমখীয়া ৷ যাৰ বাবে প্ৰতিদিনে পাহাৰটোৰ মাটি আহাৰ হিচাপে গ্ৰহণ কৰিবলৈ আহে হাতীৰ লগতে অন্য বহু জীৱ-জন্তুৱেও ৷
হাতীয়ে আহাৰ হিচাপে খোৱা এখন বিশেষ পাহাৰ