বাক্সা, 22 আগষ্টঃ বাক্সাৰ দৰঙামেলা প্ৰাথমিক বিদ্যালয়ত অঘটন। বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু মধ্যাহ্ন ভোজনৰ ৰান্ধনী ৷ বাক্সাৰ ভাৰত ভূটান সীমান্তৰ দৰঙামেলা আৰক্ষী চকীৰ অন্তৰ্গত দৰঙামেলা প্ৰাথমিক বিদ্যালয়ত সংঘটিত হয় এই অঘটন ৷ বিদ্যালয়খনত 2005 চনৰে পৰা মধ্যাহ্ন ভোজনৰ ৰান্ধনী হিচাপে কৰ্মৰত 60 বছৰীয়া কামিনী নাথ নামৰ মহিলা গৰাকী বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় ৷ স্থানীয় লোকৰ ভাষ্য অনুসৰি,বিদ্যালয় খনৰ পানীৰ টেংকীত পানী ভৰাবলৈ মটৰৰ চুইটছ দিয়াৰ সময়তে ভৰিত তাঁৰ লাগি বিদ্যুৎ প্ৰবাহিত হৈ মৃত্যু ঘটে ৷
বাক্সাত বিদ্যুৎস্পৃষ্ট হৈ মহিলাৰ মৃত্যু - বিদ্যুৎস্পৃষ্ঠ হৈ মহিলাৰ মৃত্যু
বিদ্যালয়খনত 2005 চনৰে পৰা মধ্যাহ্ন ভোজৰ ৰান্ধনী হিচাপে কৰ্মৰত 60 বছৰীয়া কামিনী নাথ নামৰ মহিলা গৰাকী বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় ৷ স্থানীয় লোকৰ ভাষ্য অনুসৰি,বিদ্যালয়খনৰ পানীৰ টেংকীত পানী ভৰাবলৈ মটৰৰ চুইটছ দিয়াৰ সময়তে ভৰিত তাঁৰ লাগি বিদ্যুৎ প্ৰবাহিত হৈ মৃত্যু ঘটে
বাক্সাত বিদ্যুৎস্পৃষ্ট হৈ মহিলাৰ মৃত্যু
আনহাতে,ঘটনা সম্পৰ্কে দৰঙামেলা আৰক্ষীক খবৰ দিয়াত মহিলা গৰাকীক আৰক্ষীয়ে কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসকে মহিলাগৰাকীক মৃত বুলি ঘোষণা কৰে । তাৰ পাচতে মহিলা গৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে ।
Last Updated : Aug 22, 2019, 1:13 PM IST