বাক্সা,24অক্টোবৰঃ বাক্সাৰ তামুলপুৰত বিদ্যুৎ উপ-সংমণ্ডলৰ অধিনস্থ নোৱাখাট গাঁৱত শক্তি বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ । উল্লেখ্য যে মিটাৰ নোহোৱাকৈ গাঁওখনৰ কেইবাখনো ঘৰত বিদ্যুতৰ বিল অহাত স্থানীয় মিটাৰ পৰিক্ষক অনন্ত দাসৰ সৈতে গাঁওখনৰ একাংশ লোকৰ বাক বিতন্তাৰ সূত্ৰপাত হয় ৷ যাৰ বাবে অনন্ত দাসে তামুলপুৰ থানাত গাঁওখনৰ লোকৰ ওপৰত এখন এজাহাৰ দিয়ে । পিছত নোৱাখাটত গাঁৱৰ অনুকুল দাস আৰু ব্ৰজেন দাস নামৰ দুজন লোকে জামিন লৈ ওলাই আহিব লগীয়া হয় ।
বাক্সাৰ তামুলপুৰত শক্তি বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ - People Protest against baksa Electricity department
বাক্সাৰ নোৱাখাট গাঁৱত কেইবাটাও পৰিয়ালৰ মিটাৰ নোহোৱাকৈ বিল পৰিশোধ কৰি থাকিবলগীয়া হৈছে ৷ লগতে বহুলোকে তেওঁলোকৰ বিলত অতিৰিক্ত মাচুল আদায় দি থাকিবলগীয়া হৈছে বুলিও অভিযোগ কৰিছে । যাৰ বাবে বৃহস্পতিবাৰে নোৱাখাট গাঁৱৰ ৰাইজে ৰাজপথত তামুলপুৰ বিদ্যুত উপ সংমণ্ডলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।
তামুলপুৰত শক্তি বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ
ইপিনে স্থানীয় লোক সকলে অভিযোগ কৰা অনুসৰি গাঁওখনত কেইবাটাও পৰিয়ালৰ মিটাৰ নোহোৱাকৈ বিল পৰিশোধ কৰি থাকিবলগীয়া হৈছে ৷ লগতে বহুলোকে তেওঁলোকৰ বিলত অতিৰিক্ত মাচুল আদায় দি থাকিবলগীয়া হৈছে বুলিও অভিযোগ কৰিছে । যাৰ বাবে বৃহস্পতিবাৰে নোৱাখাট গাঁৱৰ ৰাইজে ৰাজপথত তামুলপুৰ বিদ্যুত উপ সংমণ্ডলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।
মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ চিৰাঙৰ পানবাৰী বনাঞ্চলৰ প্ৰৱেশ দ্বাৰ মুকলি
TAGGED:
Electricity Problem at Baksa