অসম

assam

ETV Bharat / state

লাখ টকাৰ বিদ্যুতৰ বিলে দিশহাৰা কৰিছে বন-অহোপাৰ গঞাক - লাখ টকাৰ বিদ্যুতৰ বিলে দিশহাৰা কৰিছে বন-অহোপাৰ গঞাক

বাক্সাত বিদ্যুত বিভাগৰ আজৱ‌ কাণ্ড । দুমাহত বিল আহে 5 লাখ টকা । একেখন গাঁৱৰে প্ৰায় প্ৰতিঘৰৰ বিল আহে 4 ৰ পৰা 5 লাখ টকা । উপায়ন্তৰ গঞা ৰাইজ ৷

লাখ টকাৰ বিদ্যুতৰ বিলে দিশহাৰা কৰিছে বন-অহোপাৰ গঞাক
লাখ টকাৰ বিদ্যুতৰ বিলে দিশহাৰা কৰিছে বন-অহোপাৰ গঞাক

By

Published : May 6, 2021, 9:57 AM IST

Updated : May 6, 2021, 11:53 AM IST

বাক্সা, 6 মে’:ৰাজ্যত প্ৰায় প্ৰতিদিনে বিদ্যুতৰ সঘন লুকাভাকু চলি থকাৰ সময়তে পোহৰলৈ আহিল আন এক আজৱ ঘটনা । একেখন গাঁৱৰে প্ৰায় প্ৰতিঘৰ মানুহৰে বিদ্যুত বিল আহিল 20-30 হেজাৰৰ পৰা 4-5 লাখ টকা । এই আজৱ ঘটনা সংঘটিত হৈছে বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী বন-অহোপা গাঁৱত ।

লাখ টকাৰ বিদ্যুতৰ বিলে দিশহাৰা কৰিছে বন-অহোপাৰ গঞাক

কৃষিজীৱি গাওঁখনৰ প্ৰায় 99 শতাংশ মানুহৰ ঘৰতেই নাই কোনোধৰণৰ চৰকাৰী চাকৰী অথবা কোনো চকুত লগা ধৰণৰ সা-সুবিধা । বেছিভাগ মানুহেই দিন হাজিৰা কৰি নিজৰ পৰিয়ালটো কোনোমতে পোহপাল দি আছে । কিন্তু কি কাৰণত প্ৰায় 90 শতাংশ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালত বিদ্যুতৰ মাছুল 4-5 লাখ টকা আহিল, তাকে লৈ হতবাক হৈ পৰিছে এতিয়া গাওঁখনৰ খাটি খোৱা দৰিদ্ৰ লোকসকল ।

লাখ টকাৰ বিদ্যুতৰ বিলে দিশহাৰা কৰিছে বন-অহোপাৰ গঞাক

গঞা ৰাইজে জানিবলৈ দিয়া যে, বিগত প্ৰায় এবছৰ ধৰি গাওঁখনত বিদ্যুত বিভাগে চলাই আহিছে এইধৰণৰ দুষ্কাৰ্য । ইতিমধ্যে বহু সংখ্যক ব্যক্তিয়ে তেনেকৈয়ে নিজৰ বিদ্যুত মাছুল পৰিশোধ কৰিও আহিছে । কিন্তু যেতিয়াই শেহতীয়াকৈ তেওঁলোকৰ মাছুল 30-40 হেজাৰ টকাৰ পৰা 4-5 লাখ টকা হোৱাত দিশহাৰা হৈ পৰিছে এতিয়া গঞা ৰাইজ ।

লগতে পঢ়ক:কন্যাক অমানৱীয় অত্যাচাৰ চলোৱা পিতৃ আৰক্ষীৰ জালত

Last Updated : May 6, 2021, 11:53 AM IST

ABOUT THE AUTHOR

...view details