বাক্সা,১৬ মাৰ্চ:বৰমা সমষ্টিত কেইবাটাও দল-সংগঠনৰ সমৰ্থনত নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়ি আহিছে স্থানীয় যুৱ ব্যৱসায়ী মৃদুল দাস ৷ মঙলবাৰে এক সংবাদমেলৰ জৰিয়তে বৰমাত মৃদুল দাসে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথা সদৰী কৰে ৷
সংবাদমেলযোগে দাসে কয় যে, বিগত পোন্ধৰ বছৰে বিপিএফৰ বিধায়কজনে সমষ্টিটোৰ উন্নয়ন কৰাত চৰম ব্যৰ্থ হৈছে ৷ সেয়ে ৰাইজে তথা বৰমা অঞ্চলৰ একাংশ দল-সংগঠনে তেওঁক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে ৷
বৰমাত নিৰ্দলীয় হিচাপে যুঁজিব ব্যৱসায়ী মৃদুল দাসে বিশেষকৈ সমষ্টিটোৰ সামগ্ৰিক দিশত উন্নয়নৰ স্বাৰ্থত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়ি আহিছে ব্যৱসায়ী গৰাকী ৷ বৰমাৰ যুৱ ব্যৱসায়ী মৃদুল দাসে এই সমষ্টিটোৰ পৰা এইবাৰ নিশ্চিতভাৱে বিজয়ী হ'ব বুলিও দাবী কৰে ৷ উল্লেখ্য যে, ইতিমধ্যে বৰমা সমষ্টিৰ পৰা কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়ায়েও নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছে ৷
লগতে পঢ়ক:ৰাইজৰ দলৰ ৫ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ