বাক্সা,27 মাৰ্চ: ৬২ নং বৰমা বিধানসভা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ মাজত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ বিশেষকৈ ইউপিপিএল দলে গাঁৱে-ভূঞে সোমাই পৰা দেখা গৈছে ৷ গাঁৱৰ মহিলাসকলক একগোট কৰি নিৰ্বাচনত ভোট দিয়াৰ কাৰণে সজাগ কৰে ইউপিপিএলে ৷ শনিবাৰে বৰমাত ইউপিপিএল দলৰ মহিলা গোটৰ সম্পাদিকা চম্পাৱতী বড়োৰ সভাপতিত্বত মহিলাসকলৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয় ৷
বৰমাত ইউপিপিএল মহিলা গোটৰ নিৰ্বাচনী সভা - নিৰ্বাচনী সভা
৬২ নং বৰমা বিধানসভা সমষ্টিত ইউপিপিএল দলৰ নিৰ্বাচনী সভা ৷ আগন্তক দিনত ইউপিপিএল দলে সমাজ পৰিৱৰ্তনৰ হৈ কাম কৰিব যাব বুলি সংবাদমেলত প্ৰকাশ ৷

বৰমাত ইউপিপিএল মহিলা গোটৰ নিৰ্বাচনী সভাঃ
সভাৰ অন্তত সম্পাদিকা গৰাকীয়ে কয় যে, ইউপিপিএল দলে সমাজৰ পৰিৱৰ্তনৰ কাৰণে কাম কৰিব ৷ লগতে আগন্তক দিনত ইউপিপিএল দলে মহিলাসকলৰ হৈ বহু কাম কৰি যাব বুলি প্ৰকাশ কৰে ৷
লগতে পঢ়ক:কলিয়াবৰত কেশৱ মহন্তৰ ভোটদান