তামুলপুৰ,4ছেপ্তেম্বৰঃ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰত ,বিটিচিৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিত বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত কৰি তুলিছে প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থী সকলে। বিজেপি, বিপিএফ, ইউ পি পি এল কে ধৰি কেবাটাও দলে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ লগতে নিৰ্দলীয় কৈ গোৰেশ্বৰৰ সমাজ কৰ্মী চুৰেণ চন্দ্ৰ বড়োৱে প্ৰাৰ্থীত্ব আগবঢ়াইছে। চুৰেণ চন্দ্ৰ বড়োয়ে মিচন ২০/২০ গোৰেশ্বৰ শ্লোগানেৰে আজি ১৯ মাহ ধৰি গোৰেশ্বৰ সমষ্টিত ৰাইজৰ মাজত সোমাই পৰিছে।
গোৰেশ্বৰত তুংগত উঠিছে বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান - গোৰেশ্বৰৰ সমাজ কৰ্মী চুৰেণ চন্দ্ৰ বড়োয়ে
ৰাইজৰ অনুৰোধত নিৰ্দলীয় প্ৰাৰ্থী চুৰেণ চন্দ্ৰ বড়োৱে নিশালৈ কে কৰিব লগিয়া হৈছে নিৰ্বাচনী সভা। চুৰেণ চন্দ্ৰ বড়োৰ জয়ে ভবিষ্যতে গোৰেশ্বৰ পৰিষদীয় সমষ্টিটোত আমূল পৰিবৰ্তন কৰিব বুলি ৰাইজ আশাবাদী ৷
![গোৰেশ্বৰত তুংগত উঠিছে বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান election meetting at goreswar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8677252-138-8677252-1599227139034.jpg)
সমষ্টিটোৰ ৰাইজেও প্ৰাৰ্থী গৰাকীক বিশ্বাসত লৈ জয়ী কৰাবলৈ উঠি পৰি লাগিছে। প্ৰাৰ্থী গৰাকীয়ে সমষ্টিটোৰ যিটো চুবুৰীতে সভা আহ্বান কৰিছে সেইটো চুবুৰীৰ ৰাইজে সহযোগ কৰি মিচন ২০/২০ অভিযানত যোগদান কৰি প্ৰাৰ্থীগৰাকীৰ শক্তি বৃদ্ধি কৰিছে। স্বচ্ছ নিকা আৰু কৰ্ম উদ্যোগী ভাব ধাৰাৰ প্ৰাৰ্থী চুৰেণ চন্দ্ৰ বড়োৰ জয়ে ভৱিষ্যতে গোৰেশ্বৰ পৰিষদীয় সমষ্টিটোত আমূল পৰিবৰ্তন কৰি তোলাৰ বাবে মিছন ২০/২০ অভিযানৰ প্ৰতিগৰাকী সদস্যই দেহে কেহে কষ্ট কৰি ৰাইজক সজাগ কৰি তুলিছে বুলি জানিব পৰা গৈছে । বিগত সময়ৰ সমষ্টিটোৰ জনপ্ৰতিনিধি আৰু এই নিৰ্বাচনত প্ৰতিদ্বন্দীতা কৰা প্ৰাৰ্থী সকলৰ ভিতৰত চুৰেণ চন্দ্ৰ বড়োৱে একমাত্ৰ নিকা ভাব ধাৰাৰ প্ৰাৰ্থী গতিকে গোৰেশ্বৰৰ ৰাইজে এই নিকা ভাব ধাৰাৰ প্ৰাৰ্থী গৰাকীক জয়ী কৰিবলৈ মাৰ বান্ধি থিয় হৈছে বুলি একাংশই মত প্ৰকাশ কৰা দেখা গৈছে ।
লগতে পঢ়কঃ 2021 ত বিজেপিয়ে অসমত 100খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব : ৰাম মাধৱ