বাক্সা, 4এপ্ৰিল: ৰাজ্যত অনুষ্ঠিত হৈ আছে অসম বিধান সভাৰ নিৰ্বাচন ৷ ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন বাকী ৷ ৰাজ্যৰ ৰাজনৈতিক দল সমূহ ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত ৷ দেওবাৰে ৬৩নং চাপাগুৰী সমষ্টিৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মও ব্যস্ত হৈ পৰে নিৰ্বাচনী প্ৰচাৰত ৷
৬৩নং চাপাগুৰী সমষ্টিৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মই এই নিৰ্বাচনী সভাৰ পৰাই বি টি এডি ত বি পি এফ দল শূন্য হ’ব বুলি সংবাদমাধ্যমৰ আগত মন্তব্য কৰে ৷ ৰাইজে উন্নয়নৰ স্বাৰ্থত এইবাৰ মিত্ৰজোঁটৰ চৰকাৰ বিচাৰিছে ৷ যিটো দলৰ প্ৰাৰ্থীয়ে নিৰ্বাচনৰ প্ৰাকক্ষণত অন্য দলত যোগদান কৰে তেনে দলক জনসাধাৰণে গ্ৰহণ নকৰে বুলিও মন্তব্য কৰে ইউ জি ব্ৰহ্মই ৷