16 এপ্ৰিল, তামুলপুৰঃ সোমবাৰে অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শব্দ ৰাভাই ভাষণ প্ৰসংগত কয় যে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি অসমীয়া জাতীয় সংকটৰ সময়ত জাতিৰ সপক্ষে মাত মাতি জাতিক সকাহ দিয়াৰ বাবে কংগ্ৰেছ দলক ভোট দিব লাগে । জাতিক সুৰক্ষা দিবৰ বাবে কংগ্ৰেছ দলে হে কাম কৰি আহিছে । বিজেপি দলে নাগৰিকত্বসংশোধনী আইন গৃহীত কৰি অসমীয়া জাতিক নিশেষ কৰাৰ পৰিকল্পনা কৰিছে ।
তামুলপুৰত কংগ্ৰেছ প্ৰাৰ্থী শব্দ ৰাম ৰাভাৰ নিৰ্বাচনী প্ৰচাৰ - KOKRAJHAR CONGRESS CANDIDATE
কোকোৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰৰ্থী শব্দ ৰাম ৰাভাৰ নিৰ্বাচনী প্ৰচাৰ সভাত অবড়ো নেতা যোগেশ্বৰ কলিকতাৰ অংশগ্ৰহণ । সোমবাৰে বিয়লি ৩ বজাত তামুলপুৰ বিধান সভাৰ অন্তৰ্গত দেওচুঙাত কংগ্ৰেছ প্ৰাৰ্থী শব্দ ৰাম ৰাভাই এখন নিৰ্বাচনী সভা সম্বোধন কৰে ।
ভাষণ প্ৰসংগত প্ৰাৰ্থী গৰাকীয়ে বিটিএডি চুক্তিকো তিব্ৰ সমালোচনা কৰে । ভবিষ্যতে কংগ্ৰেছ দলৰ চৰকাৰ হ'লে চুক্তি খনৰ পুনৰিক্ষণ কৰিব বুলি কয় । বিটিএডি ৰ ভিতৰত থকা অবড়ো ৰাইজৰ লগতে 50 শতাংশ তকৈ কম জনজাতীয় লোক থকা গাঁও সমূহ কৰ্তন কৰাৰ ব্যৱস্থা গ্ৰহন কৰিব । ইতিমধ্যে গুৱাহাটী উচ্ছ ন্যায়ালয়ে দিয়া ৰাই কাৰ্য্যকাৰী কৰাৰ ব্যৱস্থা লৱ ।
ইমানেই নহয়, কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে আৰু কয় যে, বিটিএডি চুক্তিয়ে বড়ো ৰাইজকো সন্তুষ্ট কৰিব পৰা নাই । সেয়েহে আজি বড়ো সকলে পৃথক ৰাজ্যৰ দবী উত্থাপন কৰি আহিছে । সেৰেঙা উপস্থিতিৰে অনুষ্টিত সভাখনৰ আত ধৰে প্ৰক্তন মন্ত্ৰী পদুম বাহাদুৰ চৌহানে । সভাত উপস্থিত থাকে বাক্মা জিলা কংগ্ৰেছৰ সভাপতি গৌৰিশংকৰ শৰণীয়া, অবড়ো নেতা যোগেশ্বৰ কলিতা ।