বাক্সা,22মাৰ্চ: সমাগত বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে বাক্সা জিলা প্ৰশাসন । তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব বাক্সাত নিৰ্বাচন ৷ সেই উপলক্ষে সোমবাৰে জিলা উপায়ুক্তৰ সভাকক্ষত নিৰ্বাচনৰ লগত জড়িত বিভিন্ন বিভাগৰ বিষয়া সকলৰ সৈতে নিৰ্বাচনী পৰ্যবেক্ষকৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয় ৷
মুছলপুৰত নিৰ্বাচনী পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা - পৰ্যালোচনা সভা
সমাগত বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে বাক্সা জিলা প্ৰশাসন । বাক্সাত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন ৷ সেই উপলক্ষে সোমবাৰে জিলা উপায়ুক্তৰ সভাকক্ষত নিৰ্বাচনৰ লগত জড়িত বিভিন্ন বিভাগৰ বিষয়া সকলৰ সৈতে নিৰ্বাচনী পৰ্যবেক্ষকৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয় ৷
মুছলপুৰত অনুষ্ঠিত নিৰ্বাচনী পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
জিলা খনৰ তিনিওটা সমষ্টিত কিদৰে সুকলমে নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰি তাৰ ওপৰত সভাত আলোচনা কৰা হয় ৷ আনহাতে, সভাত উপস্থিত থাকে ৩ গৰাকী নিৰ্বাচনী পৰ্যবেক্ষক, এগৰাকী আৰক্ষী পৰ্যবেক্ষকসহ এগৰাকী ব্যয় পৰ্যবেক্ষক ৷
লগতে পঢ়কঃকৰিমগঞ্জত নিৰ্বাচনী হিংসা