অসম

assam

ETV Bharat / state

বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনভোজকাৰীৰ ভিৰ - পৰ্যটন

বছৰৰ পহিলাতে সকলোৱে নিজৰ পৰিয়াল-স্বজন অথবা বন্ধু বৰ্গৰ সৈতে মিলি হাঁহি-আনন্দৰে এসাঁজ খাবলৈ বুলি আহিছে বনভোজলৈ ৷ বাক্সা জিলাৰ ভাৰত ভূটান-সীমান্তৰ সুৱনখাটাৰ চৌকিতো দেখা গৈছে বনভোজকাৰীৰ ভিৰ ৷

picnic
picnic

By

Published : Jan 2, 2021, 12:15 PM IST

Updated : Jan 2, 2021, 1:48 PM IST

বাক্সা, ২ জানুৱাৰী : নতুন বছৰ সোমোৱাৰ লগে লগে অসমৰ পৰ্যটন স্থলী আৰু বনভোজ স্থলী সমূহত ব্যাপক ভিৰ হোৱা পৰিলক্ষিত হৈছে ৷ সকলোৱে নিজৰ পৰিয়াল-স্বজন অথবা বন্ধু বৰ্গৰ সৈতে মিলি বছৰৰ পহিলাতে হাঁহি-আনন্দৰে এসাঁজ খাবলৈ বুলি আহিছে বনভোজলৈ ৷ বাক্সা জিলাৰ ভাৰত ভূটান-সীমান্তৰ সুৱনখাটাৰ চৌকিত অসমৰ বিভিন্ন জিলাৰ পৰা আহি ভৰি পৰিছে বনভোজকাৰীৰ দলে ৷

বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনভোজকাৰীৰ ভিৰ

স্বেচ্ছাসেৱী সংগঠন মানাহ চৌকি ইক’ট্যুৰিজিম চ’চাইটিৰ সাংগঠনিক সম্পাদক দিৰ্ঘ টামাংঙে জানিবলৈ দিয়ে যে, ক’ভিড সংক্ৰমণৰ কাৰণে যোৱা বছৰ পৰ্যটন বন্ধ আছিল ৷ কিন্তু এই বৰ্ষত পৰ্যটনে নতুন মাত্ৰা লাভ কৰিব বুলি আশাবাদী তেওঁলোক ৷ মানাহ চৌকি ইক’ট্যুৰিজিম চ’চাইটিয়ে অকল পৰ্যটনৰ কাৰণে কাম কৰা নাই জীৱ-জন্তু, গছ-গছনিৰ ক্ষেত্ৰতো কাম কৰি আছে ৷ স্বেচ্ছাসেৱী সংগঠনটোত কেইবাজনো সদস্যই কাম কৰি আহিছে ৷

বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনভোজকাৰীৰ ভিৰ

লগতে পঢ়ক :শীঘ্ৰে পাকিস্তানক সমৰ্পণ কৰা হ’ব আলী হাইদৰক

Last Updated : Jan 2, 2021, 1:48 PM IST

ABOUT THE AUTHOR

...view details