বাক্সা,২৬ ছেপ্টেম্বৰ:শাৰদীয় উৎসৱৰ বতৰা লৈ হাতীৰ পিঠিত উঠি ধৰালৈ নামিল মহিষ মৰ্দিনী দেৱী দুৰ্গা ৷ ক’ৰণা মহামাৰীয়ে প্ৰায় দুটা বছৰ বিধ্বস্ত কৰি যোৱাৰ পিছত এইবাৰ ৰাইজে প্ৰথমবাৰৰ বাবে মুকলিকৈ শাৰদীয় দুৰ্গা পূজাৰ উদযাপনৰ বাবে প্ৰস্তুতি চলাইছে(Durga Puja 2022) । চৌদিশে মাথোন ভীষণ ব্যস্ততা । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পূজা সমিতিসমূহৰ প্ৰস্তুতি তুংগত উঠিছে । ব্যতিক্ৰম নহয় বাক্সাৰ বৰমাও ।
বাক্সাৰ বৰমা বাৰোৱাৰী দুৰ্গাপূজা সমিতিৰ প্ৰস্তুতি তুংগত(Durga Puja Preparation at Barma) । পূজাস্থলীতে প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰিছে খনিকৰসকল(Devi Durga Idol) । ৰভা-মঞ্চকে ধৰি পূজা মণ্ডপ আটকধুনীয়া কৰি সজাই পৰাই তুলিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে বৰমাৰ বিভিন্ন পূজাস্থলীত ৷ পাচঁদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা বাৰোৱাৰী দুৰ্গাপূজাৰ বিশেষ আকৰ্ষণ ৰাৱণ দাহন(Ravana will be burnt at Barma) । সুউচ্চ ১০০ফুট উচ্চতাৰ ৰাৱণে আকৰ্ষিত কৰিব দৰ্শনাৰ্থীক(Ravana of 100 feet height in Baksa) । লগতে মৰাপাগলদিয়া নদীৰ ওপৰত নিৰ্মান কৰিছে সমন্বয়ৰ সাঁকো ৷