বাক্সা, ২৫ জুন: বাক্সাৰ বৰমাত অন্তঃসত্বা মহিলাক স্বামী আৰু শাহুয়ে নিৰ্যাতন কৰাৰ ঘটনা পোহৰলৈ আহিছে। ইতিমধ্যে স্বামী পৰিয়ালৰ বিৰুদ্ধে মহিলা গৰাকীয়ে বৰমা আৰক্ষী থানাত এক গোচৰ দাখিল কৰে।
বাক্সাত নৱ বিবাহীতা অন্তসত্বা পত্নীক স্বামী-শাহুৰ নিৰ্যাতন ! চৰকাৰে নাৰী সুৰক্ষাৰ কাৰনে ন ন আইন প্ৰণয়ন কৰিছে যদিও একাংশ দানৱ ৰূপী স্বামী,শাহু-শহুৰৰ নিৰ্যাতনৰ বলি হৈ আছে বহু নৱ বিবাহিতা মহিলা। বিবাহৰ পূৰ্বে দৰা ঘৰে চৰকাৰতকৈও বেছি প্ৰতিশ্ৰুতি দি বিবাহ কৰাই আনে কিন্তু বিবাহৰ পাছত হে ওলোটা খৰ মাৰে স্বামীৰ পৰিয়ালে। তেনে এক নাৰী নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে বাক্সা জিলাৰ বৰমাত । বৰমা আৰক্ষী থানাৰ অন্তৰ্গত নমাটিৰ এগৰাকী মহিলাই গুৱাহাটী খানাপাৰা চতুৰ্থ APTFৰ জোৱান তথা বৰমা হেৰামজাৰ প্ৰাঞ্জল নাথৰ স'তে ২০১৮ চনৰ জানুৱাৰী মাহত বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু নৱ বিবাহিতা মহিলা গৰাকীৰ অভিযোগ অনুসৰি বিবাহৰ কিছু দিন পাচতে স্বামী আৰু স্বামীৰ পৰিয়ালে মহিলা গৰাকীক অকথ্য নিৰ্যাতন চলায়। তেওঁ অন্তঃসত্বা হোৱা স্বত্তেও স্বামী পৰিয়ালে তেওঁক নিৰ্যাতন চলোৱাৰ লগতে মৃত্যুৰ ভাবুকি দিয়াৰো অভিযোগ তোলে মহিলা গৰাকীয়ে। নিৰ্যাতন সহ্য কৰিব নোৱাৰি মহিলা গৰাকীয়ে ফোন যোগে পিতৃ গৃহত সকলো কথা কোৱাত পিতৃৰ পৰিয়ালে মহিলা গৰাকীক চিকিৎসালয়লৈ লৈ যায়। লগতে মহিলা গৰাকীৰ পিতৃ পৰিয়ালে তেওঁৰ স্বামী পৰিয়ালৰ বিৰুদ্ধ বৰমা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। এতিয়া ন্যায়ৰ অপেক্ষাত আছে স্বামী পৰিয়ালৰ পৰা অকথ্য নিৰ্যাতন সহ্য কৰা মহিলা গৰাকী তথা তেওঁৰ পৰিয়ালে।