অসম

assam

By

Published : Jun 22, 2021, 4:44 PM IST

ETV Bharat / state

বাক্সাৰ মুছলপুৰত উদ্বোধন জিলা পুথিভঁৰাল

বাক্সা জিলাৰ মুছলপুৰ বাথৌপুৰীত মঙলবাৰে বাক্সা জিলা পুথিভঁৰাল আনুষ্ঠানিক ভাৱে শুভ উন্মোচন কৰে বিটিআৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷

Library
বাক্সাৰ মুছলপুৰত উদ্বোধন জিলা পুথিভঁৰাল

বাক্সা, ২২ জুন: দীৰ্ঘদিনীয়া এক সপোন পূৰণ হ'ল বাক্সা জিলাৰ নাগৰিকৰ । অৱশেষত মুকলি কৰা হ'ল বাক্সা জিলা পুথিভঁৰাল(District Library) । বাক্সা জিলাৰ মুছলপুৰ বাথৌপুৰীত মঙলবাৰে বাক্সা জিলা পুথিভঁৰালটো আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে বিটিআৰৰ মুখ্য কাৰ্য্যবাহী সদস্য(Chief Executive Member) প্ৰমোদ বড়োৱে ৷

পুৱা ১০ বজাত জিলা পুথিভঁৰালটো উন্মোচন কৰি দিয়া ভাষণত মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে বৰ্তমান সময়ত কিতাপ পঢ়াৰ মানসিকতা আনিব লাগিব ৷ বিশেষকৈ যুৱক যুৱতীসকলক এই ক্ষেত্ৰত সজাগ কৰিব লাগিব বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ৷ তেওঁৰ মতে মানুহক টকা পইচাৰ সমানে প্ৰয়োজন জ্ঞানৰ ।

বাক্সাৰ মুছলপুৰত উদ্বোধন জিলা পুথিভঁৰাল

বাক্সা জিলাৰ মুছলপুৰত জিলা পুথিভঁৰাল উদ্বোধন কৰি বড়োৱে লগতে কয় যে জ্ঞ‍ান বা শিক্ষা আহৰণ কৰিবলৈ এটা পৰিৱেশৰ প্ৰয়োজন । যি পৰিৱেশ এই পুথিভঁৰালটোৰ পৰা অঞ্চলটোৰ যুৱক যুৱতী সকলৰ লগতে অধ্যয়ন কৰি ভাল পোৱা ব্যক্তি সকলে লাভ কৰিবলৈ সক্ষম হ'ব ।

উল্লেখ্য যে বাক্সা জিলাৰ সদৰ মুছলপুৰৰ বাথৌফুৰিত মঙলবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় জিলা পুথিভঁৰালটো ৷ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে জিলা পুথিভঁৰালটো বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰাম দাস বসুমতাৰীৰ নামত নামাকৰণ কৰা হ'ব বুলি ঘোষণা কৰে ৷ তেওঁ লগতে ঘোষণা কৰে যে পুথিভঁৰালটো পৰবৰ্ত্তী সময়ত ই লাইব্ৰেৰী হিচাপে উন্নত কৰা হ'ব আৰু ইয়াৰ ফলত লোকসেৱাৰ পৰীক্ষা দিয়া ছাত্ৰ অথবা ছাত্ৰীসকলে লাভাম্বিত হ'ব ।

লগতে বড়োৱে মুছলপুৰ চহৰখন চাৰিওফালৰ পৰা জাকত জিলিকা কৰি তুলিব বুলি সংবাদ মাধ্যমৰ সন্মুখত আশ্বাস দিয়ে । পুথিভঁৰাল মুকলি অনুষ্ঠানত বিটিআৰ পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো, দুগৰাকী কাৰ্যবাহী সদস্য ক্ৰমে ৰাকেশ ব্ৰহ্ম, ডা৹ নিলুট স্বৰ্গীয়াৰীৰ লগতে বিটিআৰৰ মুখ্য সচিব(Chief Secretary of BTR) শান্তনু পি গোটমাৰে উপস্থিত থাকে ৷ ইফালে পুথিভঁৰালটো মুকলিৰ পিছতে এতিয়া যথেষ্ট আনন্দিত বাক্সাৰ ৰাইজ । ইয়াৰ সহায়তে অঞ্চলটোৰ শিক্ষাৰ্থী তথা শিকাৰুসকলে যথেষ্ট পৰিমাণে উপকৃত হ'ব বুলিও আশা কৰিছে সকলোৱে ।

লগতে পঢ়ক:আমচাঙৰ বেদখল উচ্ছেদ কৰা স্থানত বন বিভাগৰ গছপুলি ৰোপণ(PLANTATION)

ABOUT THE AUTHOR

...view details