অসম

assam

ETV Bharat / state

বাক্সাৰ কুমাৰীকাটাত ফুলিছে বেলুন ফুল - বাক্সাৰ কুমাৰীকাটা

বাক্সাৰ কুমাৰীকাটাৰ নিবাসী বুদ্ধবাহাদুৰ ছেত্ৰী ঘৰৰ চোতালত ফুলিছে এবিধ ব্যতিক্ৰমী ফুল ৷ এই ফুলবিধ চাবলৈ এতিয়া ভিৰ কৰিছে বহুলোকে ৷

বাক্সাৰ কুমাৰীকাটাত ফুলিছে বেলুন ফুল
বাক্সাৰ কুমাৰীকাটাত ফুলিছে বেলুন ফুল

By

Published : Jun 2, 2020, 7:08 PM IST

বাক্সা, 2 জুনঃএবিধ বেলুনৰ আকৃতিৰ ফুল,প্ৰথমে বেলুনৰ আকৃতি লয় তাৰ পিছত বেলুন ফাটি সৰু সৰু ফুলৰ ৰূপ লয়। যদিও ফুল বিধৰ কোনো ধৰণৰ সুগন্ধি নাই তথাপিও এক ব্যতিক্ৰমী ফুল বুলি ক'ব পাৰি । কিয়নো বেলুনৰ ৰূপ লোৱাৰ সময়ত ফুলটোৰ ওপৰত শুং ৰ নিচিনা কিছু অংগ দেখিবলৈ পোৱা যায়। পিচে গৃহস্থইও নাজানে ফুলবিধৰ ইতিবৃত্ত ৷ দেখিবলৈ আজৱ এই ফুলবিধৰ নাম কি আচলতে ?

বাক্সাৰ কুমাৰীকাটাত ফুলিছে বেলুন ফুল
জানিব পৰা মতে এই ফুল বিধ দক্ষিণ আফ্ৰিকা অথবা মধ্য প্ৰাচ্য আদি দেশত পোৱা যায় । আনহাতে এই ফুলবিধৰ বৈজ্ঞানিক নাম "Gomphocarpus Physocarpus" সাধাৰণতে হেয়াৰ বল,বেলুন গছ,বেলুন কটন ব্ৰাচ ,বিচপ বল,নাইল হেড,চোন গছ আদি নামেৰে জনা যায় । যদিও ভাৰতবৰ্ষত এইফুল বিধৰ উপস্থিতি বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ।
বুদ্ধবাহাদুৰ ছেত্ৰী ঘৰৰ চোতালত ফুলিছে এবিধ ব্যতিক্ৰমী ফুল
উল্লেখ্য যে বৰ্তমান এই ফুলবিধে শোভাবৰ্ধন কৰি আছে বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ কুমাৰীকাটা নিবাসী শিক্ষক বুদ্ধবাহাদুৰ ছেত্ৰীৰ চোতালত । শিক্ষক বুদ্ধবাহাদুৰ ছেত্ৰীৰ ভতিজা প্ৰাঞ্জল ছেত্ৰীয়ে জানিবলৈ দিয়া অনুসৰি শিক্ষক গৰাকীক তেওঁৰে এগৰাকী ছাত্ৰীয়ে উপহাৰ হিচাপে দিছিল এই ফুলবিধ আৰু বৰ্তমান তেওঁলোকৰ ঘৰত দুজোপা এই বেলুন ফুল আছে ।

ABOUT THE AUTHOR

...view details