বাক্সা, 29 আগষ্ট:কীৰ্ত্তন আৰু নামাজ পঢ়ি গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাইছে বাক্সাৰ নাগ্ৰীজুলিৰ একাংশ লোকে । বিগত বহু বছৰৰ সমান্তৰালকৈ এইবেলিও জিলাখনৰ ২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বাল্টি নদীৰ গৰাখহনীয়াই বাল্টিপাৰা, সাহপুৰ গাঁৱত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ ফলশ্ৰুতিত ইতিমধ্যে ভেটি-মাটি হেৰুৱাইছে বহু লোকে ।
কীৰ্ত্তন-নামাজৰ মাজেৰে গৰা-খহনীয়াৰ সমাধান বিচৰিছে গঞাই - কীৰ্ত্তন-নামাজৰ মাজেৰে গৰা-খহনীয়াৰ সমাধান বিচৰিছে গঞাই
সৰ্বস্ব হেৰুওৱা ৰাইজে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বাল্টি নদীৰ পাৰত নাম কীৰ্ত্তন আৰু নামাজ পঢ়া পৰিলক্ষিত হয় ৷ চৰকাৰৰ ওপৰৰ পৰা ইতিমধ্যে সকলো বিশ্বাস হেৰুৱাইছে গাঁওখনৰ দুয়োটা সম্প্ৰদায়ৰ ৰাইজে ৷
লগতে পঢ়কঃচাকৰি নিয়মীয়াকৰণৰ দাবীৰে সৰৱ স্বাস্থ্যকৰ্মী
সৰ্বস্ব হেৰুওৱা ৰাইজে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বাল্টি নদীৰ পাৰত নাম কীৰ্ত্তন আৰু নামাজ পঢ়া পৰিলক্ষিত হয় ৷ চৰকাৰৰ ওপৰৰ পৰা ইতিমধ্যে সকলো বিশ্বাস হেৰুৱাইছে গাঁওখনৰ দুয়োটা সম্প্ৰদায়ৰ ৰাইজে ৷ ৰাইজে অভিযোগ কৰা অনুসৰি , স্থানীয় জনপ্ৰতিনিধি সকলক বহু বাৰ আৱেদন-নিবেদন কৰা পাছতো গৰাখহনীয়া সম্পৰ্কত কোনো ব্যৱস্থা গ্ৰহণ কৰা নকৰিলে চৰকাৰে ৷ সেয়ে অৱশেষত হিন্দু ,মুছলমান সমাজে শনিবাৰে নাম-কীৰ্ত্তন আৰু নামাজ-দোৱাৰ মাজেৰে নেদেখাজনৰ পৰা গৰা খহনীয়াৰ সমাধান বিচাৰে ৷