বাক্সা, ১০ মাৰ্চ: ৰাজ্যৰ বিদ্যুৎ বিভাগৰ কিছুমান কাণ্ডজ্ঞানহীন কাৰ্যকলাপে প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । তেনে এক অস্বাভাৱিক কাণ্ড শেহতীয়াকৈ সংঘটিত হৈছে বাক্সা জিলাৰ তামুলপুৰ বিদ্যুৎ সংমণ্ডলৰ অধীনস্থ বৃহত্তৰ নাগ্ৰিজুলি অঞ্চলৰ কুম্ভীঝাৰ আৰু জয়পুৰ গাঁৱত । এখন অস্বাভাৱিক বিদ্যুৎ বিলৰ ধনৰ পৰিমাণ দেখি সৰগ ভাগি পৰিছে কুম্ভীঝাৰ আৰু জয়পুৰ গাওঁবাসীৰ । এই অস্বাভাৱিক বিল দেখি ক্ষোভিত হৈ পৰিছে গাঁওবাসী । প্ৰাপ্ত তথ্য অনুসৰি, এমাহত বিদ্যুতৰ বিল ১৫ ৰ পৰা ২২ হেজাৰ টকা পৰ্যন্তৰ এখন মোটা অংকৰ বিল দেখি মূৰে কপালে হাত দিবলগীয়া হৈছে গঁঞা লোকসকল ।
অঞ্চলটোৰ লোকৰ অভিযোগ অনুসৰি, দীর্ঘদিনে মিটাৰ ৰিডিং চেক নকৰি বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে নিজ ইচ্ছা মতে, ঘৰতে মাচুল প্ৰস্তুত কৰি অঞ্চলটোৰ লোকৰ হাতে-হাতে মাচুল দি যায় । অঞ্চলটোৰ প্ৰতিজন লোকে প্ৰতি মাহে বিদ্যুতৰ বিল পৰিশোধ কৰাৰ পিছতো ৰহস্যজনকভাৱে এটা মাহতে ২২ হেজাৰ টকা পৰ্যন্ত অহা বিলক লৈ ক্ষোভৰ উদ্গীৰণ হোৱাৰ উপৰিও চিন্তাত ভাগি পৰিছে দুখীয়া লোকসকল । তামুলপুৰ বিদ্যুৎ বিভাগৰ এনে মইমতালি আৰু দায়িত্বহীন কাণ্ডক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । টিভি, ফ্ৰীজ, ইনভাৰ্টাৰ নথকা তথা মাত্ৰ দুটা এল ই ডি লাইট জ্বলাওতে আহিল এই অস্বাভাৱিক বিদ্যুৎ বিল ।