বাক্সা, 7 জানুৱাৰী :নতুন কৃষক আইন বাতিলৰ দাবীত সমগ্ৰ দেশৰ লগতে বৃহস্পতিবাৰে বাক্সা জিলাটো ৰূপায়ণ কৰা হয় দেশজোৰা আইন অমান্য আন্দোলনৰ কাৰ্যসূচী ৷ অংগণবাদী কৰ্মী,ৰন্ধন কৰ্মী,নিৰ্মাণ শ্ৰমিক,মটৰ শ্ৰমিক ইউনিয়ন আৰু কৃষক সভাৰ বাক্সা জিলা সমিতিৰ উদ্যোগত মুছলপুৰৰ পথত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷
হাতে হাতে প্লে'কাৰ্ড লৈ কৃষক আইনৰ বাতিলৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে ৷ সামন্তৰালভাৱে কৃষক বিৰোধী কৃষি আইন বাতিল কৰক,বিজেপি চৰকাৰ হায় হায় আদি শ্ল'গানৰে প্ৰতিবাদকাৰীয়ে ৰাজপথ উত্তাল কৰি তুলে ৷