অসম

assam

ETV Bharat / state

কাঠফুলা উৎপাদনেৰে স্বাৱলম্বিতাৰ পথ - বাক্সা প্ৰেছ ক্লাৱ

বাক্সা প্ৰেছ ক্লাৱত সদৌ অসম মাছৰূম উৎপাদক সন্থাৰ কাঠফুলা খেতি আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে আলোচনা কৰে ৷ এই অনুষ্ঠানত গুৱাহাটী কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানী ডঃ মধুস্মিতা কটকীৰ লগতে জিলা কৃষি বিজ্ঞানী ডঃ ধীৰেন কলিতা উপস্থিত থাকে ৷

আত্ম নিৰ্ভৰশীলতাৰ আন এক উৎকৃষ্ট উপায় কাঠফুলা

By

Published : Aug 22, 2019, 9:27 AM IST

Updated : Aug 22, 2019, 12:07 PM IST

বাক্সা, 22 আগষ্টঃ বাক্সা প্ৰেছ ক্লাৱত সদৌ অসম কাঠফুলা উৎপাদক সন্থাৰ উদ্যোগত আৰু জিলা কাঠফুলা উৎপাদক সন্থাৰ সহযোগত কাঠফুলা সম্পৰ্কে এক আলোচনা চক্ৰ অনুষ্ঠিত হয় । কৃষি বিজ্ঞানী ডঃ ধীৰেন কলিতাই কাঠফুলা খেতিৰ দ্বাৰা যে আত্মনিৰ্ভৰশীল হ'ব পাৰি সেই বিষয়ে মন্তব্য কৰে ৷

আত্ম নিৰ্ভৰশীলতাৰ আন এক উৎকৃষ্ট উপায় কাঠফুলা

সদৌ অসম কাঠফুলা উৎপাদক সন্থাৰ সভাপতি হৰেণ ফুকনৰ সভাপতিত্বত অনুষ্ঠিত হয় কাঠফুলা খেতি আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে আলোচনা ৷ এই অনুষ্ঠানত গুৱাহাটী কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানী ডঃ মধুস্মিতা কটকীয়ে কাঠফুলাৰ উপকাৰিতাৰ বিষয়ে বক্তব্য দিয়ে । তেওঁ কাঠফুলা উৎপাদন কৰি কিদৰে লাভান্বিত হ'ব পাৰি আৰু এই খেতিৰে আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰতো উপযোগী বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে ৷ আনহাতে কামৰূপ জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি বিজ্ঞানী ডঃ ধীৰেন কলিতাই কাঠফুলা খেতিৰ দ্বাৰা কেনেকৈ স্বাৱলম্বী হ'ব পাৰি তাৰ ওপৰত বিশেষ ভাৱে বক্তব্য আগবঢ়ায়। তাৰোপৰি বাক্সা জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি বিজ্ঞানী ডঃ উৎপল শৰ্মা উপস্থিত থাকে ৷ তেওঁ নিৱনুৱাসকলে কাঠফুলা খেতিৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে আত্মনিৰ্ভৰশীল হ'ব পাৰে বুলি উল্লেখ কৰে ৷

Last Updated : Aug 22, 2019, 12:07 PM IST

ABOUT THE AUTHOR

...view details