অসম

assam

By

Published : Jul 11, 2021, 7:35 AM IST

ETV Bharat / state

ঝাৰখণ্ডত কৰ্মৰত বাক্সাৰ CRPF জোৱানৰ ৰহস্যজনক মৃত্যু

বিভাগীয় কৰ্তৃপক্ষই জোৱানজনে আত্মহত্যা কৰা বুলি অৱগত কৰিলেও পৰিয়ালৰ লোকে ঘটনাটোক সহজভাৱে মানি লব পৰা নাই ৷ পৰিয়ালৰ লোকে জনোৱা অনুসৰি অতি অমায়িক স্বভাৱৰ ৰতনে সদায় হাঁহি-ধেমালিৰে পৰিয়ালৰ সৈতে কথা বতৰা পাতি আহিছিল ৷

CRPF_death
ঝাৰখণ্ডত কৰ্মৰত বাক্সাৰ CRPF জোৱানৰ ৰহস্যজনক মৃত্যু

বাক্সা, 11 জুলাই :বাক্সা জিলাৰ মুছলপুৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ অহোপা (নাহৰবাৰী) গাঁৱৰ বহিঃৰাজ্যত কৰ্মৰত এগৰাকী চিআৰপিএফ (CRPF) জোৱানৰ ৰহস্যজনক মৃত্যু ৷ এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ গাঁৱখনৰ সৰ্বেশ্বৰ দাসৰ কনিষ্ঠ পুত্ৰ ৰতন দাস (৪২) নামৰ জোৱানজনে ঝাৰখণ্ডৰ গিৰিধ জিলাৰ মধুবনত চিআৰপিএফৰ ১৫৪ নং বেটেলিয়নৰ শিবিৰত বৃহস্পতিবাৰে দিনৰ ভাগত মূৰত গুলীয়াই আত্মহত্যা কৰা বুলি কৰ্মৰত স্থানৰ পৰা বিভাগীয় কৰ্তৃপক্ষই পৰিয়ালৰ লোকক জানিবলৈ দিয়ে ।

উল্লেখযোগ্য যে, বিভাগীয় কৰ্তৃপক্ষই জোৱানজনে আত্মহত্যা কৰা বুলি অৱগত কৰিলেও পৰিয়ালৰ লোকে ঘটনাটোক সহজভাৱে মানি লব পৰা নাই ৷ পৰিয়ালৰ লোকে জনোৱা অনুসৰি অতি অমায়িক স্বভাৱৰ ৰতনে সদায় হাঁহি-ধেমালিৰে পৰিয়ালৰ সৈতে কথা বতৰা পাতি আহিছিল ৷ আনকি মৃত্যুৰ দিনাও পুৱা ৰতনে পৰিয়ালৰ লোকৰ সৈতে ফোনত কথা পাতিছিল বুলি পৰিয়ালৰ লোকে সংবাদ মাধ্যমক অৱগত কৰে ৷ ২০০৩ চনতে চিআৰপিএফত (CRPF) ভৰ্তি হোৱা ৰতনে ৬ মাহ পূৰ্বে ঘৰৰ পৰা গৈ ঝাৰখণ্ডৰ মধুবনৰ উক্ত শিবিৰত যোগদান কৰিছিল ৷

ঝাৰখণ্ডত কৰ্মৰত বাক্সাৰ CRPF জোৱানৰ ৰহস্যজনক মৃত্যু

ইতিমধ্যে বিয়াৰ বাবেও সকলো প্ৰস্তুতি চলাই অহা ৰতনে আহিন মাহত ছুটীত আহি বিবাহপাশত আৱদ্ধ হোৱাৰ কথা আছিল ৷ পৰিয়ালৰ লোকে জোৱানজনক তেওঁৰে সতীৰ্থই‌ কৰ্মস্থানতে গুলীয়াই হত্যা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷ শনিবাৰে জোৱানজনৰ মৃতদেহ বিমানযোগে ঝাৰখণ্ডৰ পৰা ঘৰলৈ অনাৰ পিচত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ৷

ইপিনে মৃতদেহৰ সৈতে চিআৰপিএফৰ (CRPF) কোনো উচ্চপদস্থ বিষয়া অহা নেদেখি বিষয়টো অধিক ৰহস্যঘন হৈ পৰে ৷ তদুপৰি জোৱানগৰাকীৰ ম’বাইল ফোনটো এই পৰ্যন্ত লাভ কৰা নাই পৰিয়ালে ৷ সেয়ে পৰিয়ালৰ লোক তথা গাঁৱবাসীয়ে মৃতদেহটো চমজি নোলোৱাৰ হুংকাৰ দিয়াত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে । ঘটনাস্থলীত বিটিআৰৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাস আৰু আৰক্ষী উপস্থিত হোৱাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ।

লগতে পঢ়কঃ দিল্লী পুলিচে উদ্ধাৰ কৰিলে 2500 কোটি টকা মূল্যৰ ড্ৰাগছ

ABOUT THE AUTHOR

...view details