বাক্সাৰ বৰনদীত এজনৰ সলিল সমাধি - Men drowned in bornodi Baksha
বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গুৱাবাৰীৰ হস্তীনাপুৰত আজি পুনৰ দিনৰ ভাগত পানী পৰি এটা মৃত্যু । গাঁওখনৰ সীমান্তৰে বৈ যোৱা বৰনদীৰ পানী যুৱলীত উদ্ধাৰ হয় মৃতদেহটো ।
বাক্সা,27 জুলাইঃবাক্সাৰ গুৱাবাৰীৰ বৰনদীৰ প্ৰৱাল সোঁতত পৰি সলিল সমাধি ঘটিল এজনৰ ৷ জিলাখনৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গুৱাবাৰীৰ হস্তীনাপুৰত আজি দিনৰ ভাগত পানী পৰি কৰুণ মৃত্যু ঘটে এজন ব্যক্তিৰ ৷ মৃতলোকজনৰ নাম চোত্ৰ বাহাদুৰ ছেত্ৰী আৰু বয়স প্ৰায় ৪১ বছৰ বুলি জানিব পৰা গৈছে ৷ জানিব পৰামতে, বিশেষভাৱে সক্ষম লোকজনে আজি নৈৰ পাৰত গৰু এৰাল দিবলৈ গৈছিল । কিন্তু দুৰ্ভাগ্যজনক ভাবে তেওঁ পিছলি গৈ নৈ খনত পৰে আৰু নৈৰ তীব্ৰ সোঁতে তেওঁক উটুৱাই লৈ যায় । গুৱাবাৰীৰ পৰা উটি আহি হস্তীনাপুৰত পানী যুৱলীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় তেওঁৰ মৃতদেহটো । ঘটনাৰ খবৰ পায়েই নাগ্ৰীজুলি আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।