অসম

assam

ETV Bharat / state

নাগ্ৰীজুলিৰ ইক্রাবিলৰ পৰা সন্ধানহীন মুকবধিৰ ব্যক্তি - Nagrijuli Police Station

নাগ্ৰীজুলিৰ ইক্রাবিল গাঁৱৰ পৰা সন্ধানহীন হৈ আছে এগৰাকী ৬০ৰ উৰ্ধৰ লোক । পৰিয়ালৰ লোকে বিভিন্ন ঠাইত সন্ধান কৰে যদিও কোনো শুং সূত্ৰ নাপাই ইতিমধ্যেই নাগ্ৰীজুলি আৰক্ষী চকীত (Nagrijuli Police Station) দাখিল কৰিছে এখন এজাহাৰ ।

Dumb person missing in Tamulpur
নাগ্ৰীজুলিৰ ইক্রাবিলৰ পৰা সন্ধানহীন মুকবধি

By

Published : Sep 14, 2022, 2:00 PM IST

তামুলপুৰ, 14 ছেপ্টেম্বৰ :তামুলপুৰ জিলাৰ নাগ্ৰীজুলিৰ ইক্রাবিল গাঁৱৰ গোপাল সৰকাৰ নামৰ এগৰাকী ৬০ৰ উৰ্ধৰ লোক বিগত ৯ দিনে সন্ধানহীন হৈ আছে (Dumb person missing in Tamulpur)। মুকবধিক লোকগৰাকী আজি কিছু বছৰ ধৰি মানসিক ৰোগত আক্ৰান্ত হৈ আছিল বুলি পৰিয়লৰ লোকে সদৰি কৰিছে ।

নাগ্ৰীজুলি সপ্তাহিক বজাৰলৈ (Nagrijuli Weekly Market) বুলি চাইকেল লৈ ওলাই যোৱাৰে পৰা লোকগৰাকী উভতি অহা নাই । ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত গোপাল সৰকাৰে বগা চাৰ্ট আৰু ক’লা পেণ্ট পিন্ধি আছিল । পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰ-খোচাৰ কৰাৰ পিছতো লোকগৰাকীৰ কোনো সন্ধান নাপাই এতিয়া চিন্তাত ভাগি পৰিছে পৰিয়াল তথা আত্মীয়-স্বজন (Deaf person missing in nagrijuli)।

নাগ্ৰীজুলিৰ ইক্রাবিলৰ পৰা সন্ধানহীন মুকবধি

কথা ক’ব নোৱাৰা গোপাল সৰকাৰক বিভিন্ন ঠাইত সন্ধান কৰে যদিও কোনো শুং সূত্ৰ নাপাই ইতিমধ্যেই নাগ্ৰীজুলি আৰক্ষী চকীত (Nagrijuli Police Station) দাখিল কৰিছে এখন এজাহাৰ । দোকান দি পৰিয়লক পোহপাল দিয়া গোপালৰ পত্নী আৰু পুত্ৰই এতিয়া দিশহাৰা হৈ পৰিছে । কোনো লোকে উক্ত লোকগৰাকীক প্ৰত্যক্ষ কৰিলে 9864916449 নতুবা 8822671560 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে পৰিয়ালবৰ্গই ।

লগতে পঢ়ক:মাজুলীৰ খহনীয়াগ্ৰস্ত স্থান পৰিদৰ্শন লুৰিণ জ্যোতি গগৈৰ

ABOUT THE AUTHOR

...view details