অসম

assam

তামুলপুৰত মৃতদেহ উদ্ধাৰ

By

Published : Jul 20, 2019, 6:25 PM IST

গোৱালবিলত উদ্ধাৰ মৃতদেহ ৷ মৃতদেহটো চাণক্য দাস নামৰ এজন ব্যক্তিৰ বুলি চিনাক্ত ৷ মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ মৃতদেহ ৷

তামুলপুৰত মৃতদেহ উদ্ধাৰ

তামুলপুৰত মৃতদেহ উদ্ধাৰ

তামুলপুৰ, 20 জুলাই : বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গোৱালবিলত মৃতদেহ উদ্ধাৰ । মৃতদেহটো একে গাঁৱৰে চাণক্য দাসৰ ৷ শুকুৰবাৰে সন্ধিয়া পৰত ভৰি ধুবলৈ যোৱাৰে পৰা সন্ধানহীন হৈ আছিল ব্যক্তিগৰাকী । পৰিয়ালৰ লোকে নিশাই বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও নিশালৈকে কোনো ধৰণৰ সম্ভেদ লাভ নকৰিলে । শনিবাৰে পৰিয়ালৰ লোকে ঘৰৰ পিছফালে মৃতদেহটো পুখুৰীত উপঙি থকা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজক খবৰ দিয়াত ৰাইজ উপস্থিত হৈ তামুলপুৰ থানাৰ আৰক্ষী খবৰ দিয়ে ৷ ঘটনাস্থলীত তামুলপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি তামুলপুৰ থানালৈ লৈ যায় । পিছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে ।

ABOUT THE AUTHOR

...view details