বাক্সা, 26 এপ্ৰিল : বিগত কেইদিনমানৰ পৰা হোৱা প্ৰকৃতিৰ তাণ্ডৱত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈ পৰিছে সাধাৰণ লোকসকল ৷ বিশেষকৈ নামনি অসমত হোৱা ধুমুহা-বৰষুণৰ তাণ্ডৱে বিপৰ্যস্ত কৰিছে জনজীৱন ৷ অধিকাংশ লোকৰে বাসগৃহ, কৃষি ভূমিৰ যথেষ্ঠ ক্ষতিসাধন হৈছে ৷
ধুমুহা-বৰষুণে বিস্তৰ ক্ষতিসাধন কৰিছে সমগ্ৰ বাক্সা জিলাত ৷ সেয়ে জিলাখনৰ উপাযুক্ত আয়ুষ গাৰ্গে যোৱা কেইবাদিনো নেৰানেপেৰাকৈ হৈ থকা বৰষুণ আৰু ধুমুহা-শিলাবৃষ্টিৰ ফলত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্তৰ(DC visits storm affected areas in Baksa) বুজ লয় ৷