অসম

assam

ETV Bharat / state

বাক্সাত পাগলাদিয়া নৈৰ গৰাখহনীয়াত শংকিত নৈ পৰীয়া ৰাইজ - বাক্সা জিলা

পাগলাদিয়া নৈৰ গৰাখহনীয়াত জাহ গ'ল ২ কোটি টকীয়া নৱ নিৰ্মিত মথাউৰি ৷ ইতিমধ্যে ঘৰ-দুৱাৰ এৰি নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰিছে নৈ পৰীয়া ৰাইজে ৷

Danger Erosion At Baksha
বাক্সাত পাগলাদিয়া নৈৰ গৰাখহনীয়াত শংকিত নৈ পৰীয়া ৰাইজ

By

Published : Aug 1, 2020, 5:42 PM IST

বাক্সা,1 আগষ্টঃ দীৰ্ঘদিন ধৰি ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত বিভিন্ন জিলাত ভয়ংকৰ বান পৰিস্থিতি সৃষ্টি হোৱাৰ লগতে ভয়ংকৰ গৰখহনীয়াই বিস্তৰ ক্ষতি সাধন কৰিছে ৷ ঠিক একে দৰে বাক্সা জিলাতো বানত ঘৰ দুৱাৰ,হাজাৰ হাজাৰ কৃষি ভূমিৰ লগত বহু পশুধনৰ বিস্তৰ ক্ষতি সাধন হয় ৷ ইফালে পাগলাদিয়া নৈ খনৰ প্ৰচণ্ড খহনীয়াত জাহ গ'ল ২ কোটিৰ মথাউৰিটো ৷

বাক্সাত পাগলাদিয়া নৈৰ গৰাখহনীয়াত শংকিত নৈ পৰীয়া ৰাইজ

উল্লেখ্য যে,লক ডাউনৰ প্ৰথম ভাগতে বাক্সা জিলা উপায়ুক্তৰ তৎতপৰতাত পাগলাদিয়া নৈৰ পাৰত নিৰ্মাণ কৰা হৈছিল মথাউৰিটো । নৈ খনৰ গৰাখহনীয়া ফলত মথাউৰিটোৱে প্ৰতি দিনে ভয়ংকৰ ৰূপ লৈছে । স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি পাগলাদিয়া নৈ খনৰ আৰু কিছু পানী বৃদ্ধি হ'লেই জাৰতালুক,গোৱালবিল,ভেৰভেৰী,পথাৰ পাৰ,উজিৰ ঘাটকে আদি কৰি নলবাৰী জিলাৰ কেবাখনো গাঁও প্লাৱিত হ'ব বুলি শংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ ইতিমধ্যে নৈ খনৰ গৰাখহনীয়াত শংকিত হৈ নিজৰ ঘৰবাৰী এৰি নিৰাপদ স্থানত আশ্ৰয় ল'বলগীয়া হৈছে বহু পৰিয়ালে ।

আনহাতে জলসম্পদ বিভাগ তথা জিলা প্ৰশাসনে বৰ্তমান লৈকে অঞ্চলটোৰ বান পৰিস্থিতিৰ কোনো খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । উপায়ন্তৰ হৈ নৈ খনৰ খহনীয়া ৰোধৰ বাবে ৰাইজে নিজেই চলাইছে প্ৰচেষ্টা । অতি শীঘ্ৰে নৈ খনৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে স্থানীয় লোক সকলে ৷

লগতে পঢ়ক- গোৰেশ্বৰৰ গৰাখহনীয়া পৰিদৰ্শন সাংসদ নৱ শৰণীয়াৰ

ABOUT THE AUTHOR

...view details